বোকাজানঃ এখন বিদ্যালয় হঠাৎ বন্ধ কৰ দিলে কেনেকুৱা পৰিৱেশ হ’ব পাৰে তাৰ কল্পনা কেৱল বিদ্যালয়ত পঢ়ি থকা সন্তানটোৰ পিতৃ-মাতৃয়েহে বুজি পাব৷ নিজ সন্তানে পঢ়ি থকা বিদ্যালয় খন হঠাৎ বন্ধ কৰি দিলে এটি পৰিয়ালৰ অৱস্থা কেনেকুৱা হ’ব পাৰে সেই কথা নিজৰ সন্তান পঢ়ি থকা পৰিয়ালটোৱে হে জানিব৷

আন কোনো লোকে লোকে সেই কথা উপলদ্ধি কৰিব নোৱাৰে৷ দেশৰ মুৰব্বীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক আমোলাই সেই কথা কেতিয়াও অনুভৱ কৰিব নোৱাৰে৷ কিয়নো দেশৰ বৰ বৰ মানুহৰ সন্তান নামি-দামি স্কুলত পঢ়ে৷ তেওলোকৰ সন্তানৰ ভৱিষ্যৎ সম্পূৰ্ণ সুৰক্ষিত৷ কোনো ধৰণৰ চিন্তা কৰিব লগা নাথাকে তেওলোকে সন্তানৰ বাবে৷

নিজ সন্তানটোৱে অধ্যয়ণ কৰি থকা এখন বিদ্যালয় বন্ধ কৰি দিয়াত হাহাকাৰ কৰিব লগা হৈছে কাৰ্বি ভূমিৰ বহু পৰিয়ালে৷ এতিয়া বহু লোকে মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰি ধিক্কাৰ দিয়ে শাসন ব্যৱস্থাক৷কিশোৰ-কিশোৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি বিদ্যালয়ত তলা ওলোমাই দিব ওলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰ্বি ভূমিত। বহু সপোন, বহু আশা লৈ নিজ সন্তানক পঢ়ুৱাই থকা বিদ্যালয়খন বন্ধ হোৱাৰ আগজাননী লাভ কৰি শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকসকলে চিন্তাত দিন পাৰ কৰিছে৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়ক, বৰ বৰ আমোলাই বাসকৰা ৰাজধানীৰ পৰা কিছু নিলগৰ কামৰূপ জিলাৰ ৰঙিয়াত সেনাই এখন স্কুল বন্ধ কৰাত শ-শ পৰিয়ালে হাহাকাৰ কৰিব লগীয়া হোৱাৰ সময়তে পাহাৰীয়া জিলা কাৰ্বি আংলংত এখন বন্ধ কৰিব ওলোৱাত বহু পৰিয়ালে হাহাকাৰ কৰিব লগা হৈছে৷ ১৯৮৪ চনতে স্থাপন কৰা এখন বিদ্যালয় বন্ধ কৰাৰ সাজু হোৱাত চিন্তিত হৈ পৰিছে বোকাজানবাসীৰ লগতে সমগ্ৰ পাহাৰীয়া জিলাৰ ৰাইজ৷

কাৰ্বি আংলংৰ শৈক্ষিক অনগ্ৰসতাৰ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনৰ শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত ১৯৮৪ চনত স্থাপন কৰা হৈছিল এখন কেন্দ্ৰীয় বিদ্যালয়৷ দিল্লীস্থিত কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সংস্থাৰ সৈতে বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই এক চুক্তি স্বাক্ষৰ কৰি বোকাজান বিলাতী মাটি কাৰখানাৰ আবাসিক এলেকাত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰিছিল৷

কেন্দ্ৰীয় বিদ্যালয়খনৰ আন্তঃগাঁঠনিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ দৰমহা সম্পূৰ্ণৰূপে বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই বহন কৰাৰ লগতে কোনো পৰিস্থিতিতে বোকাজান কেন্দ্ৰীয় বিদ্যালয়খন বন্ধ নকৰে বুলি চুক্তি পত্ৰত স্বাক্ষৰ কৰিছিল ১৯৮৪ চনত৷ চুক্তিৰ অন্তত দিল্লীস্থিত কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সংস্থাই বোকাজান কেন্দ্ৰীয় বিদ্যালয়ত স্থায়ী শিক্ষক নিযুক্তি দিছিল৷

কিন্ত বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই চুক্তি অনুযায়ী বোকাজান কেন্দ্ৰীয় বিদ্যালয়ত নিযুক্তি দিয়া ৮ গৰাকী স্থায়ী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ঠিকা ভিত্তিক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলক চাৰি-পাচ মাহে দৰমহা নিদিয়াত বিদ্যালয়খনত শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱাৰ লগতে এক অৰাজক অৱস্থাই গা কৰি উঠাৰ ফলত বিদ্যালয়খনত অধ্যয়নত ছাত্ৰ-ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হবলগীয়া হৈছে৷

বিদ্যালয়খনৰ এনে অৰাজক পৰিস্থিতি প্ৰত্যক্ষ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰা পৰিলক্ষিত হয়৷ অভিযোগ অনুসৰি ১৯৮৬ চনত স্থাপিত বোকাজান বিলাতী মাটি কাৰখানাৰ অধীনৰ বোকাজান কেন্দ্ৰীয় বিদ্যালয়খন বন্ধ কৰাৰ গভীৰ ষড়যন্ত্ৰত নামিছে বোকাজান বিলাতী মাটি কাৰখানাৰ কৰ্তৃপক্ষ। বিদ্যালয়খন বন্ধ কৰাৰ কৌশলেৰে ইতিমধ্যে কাৰখানাটোৰ কৰ্তৃপক্ষই বিদ্যালয়খনত কৰ্মৰত স্থায়ী শিক্ষকক চাৰি মাহ আৰু ঠিকাভিত্তিক শিক্ষকসকলক পাচ মাহ ধৰি প্রাপ্য বেতনৰ পৰা বঞ্চিত কৰি ৰাখিছে।

ইফালে প্রাপ্য বেতনৰ পৰা বঞ্চিত শিক্ষকসকলৰ বিষয়টো বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে কেন্দ্রীয় বিদ্যালয় সংস্থাক অৱগত কৰিছে যদিও কেন্দ্ৰীয় বিদ্যালয় সংস্থাই বিদ্যালয়খনত কৰ্মৰত স্থায়ী শিক্ষকসকলক বোকাজানৰ পৰা আঁতৰাই বিভিন্ন স্থানত থকা কেন্দ্ৰীয় বিদ্যালয়ত নিয়োগ কৰা আৰু একমাত্ৰ ঠিকাভিক্তিক শিক্ষকসকলক বিদ্যালয়খনৰ দায়িত্ব প্ৰদান কৰাৰ তথ্য পোৱা গৈছে।

উল্লেখযোগ্য কেন্দ্ৰীয় বিদ্যালয় সংস্থাই এক নিৰ্দেশ যোগে বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি মুঠ ৯ গৰাকী স্থায়ী শিক্ষকক বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়লৈ বদলি কৰে। যাৰ ফলত বিদ্যালয়খন অতি কম দিনৰ ভিতৰত বন্ধ হৈ পৰিব আৰু বিদ্যালয়খনত অধ্যয়নৰত ৪০১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হোৱাটো নিশ্চিত হৈ পৰিছে।

ফলত শংকিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল। উল্লেখ্য যে কেন্দ্ৰীয় বিদ্যালয়ৰ এনে নিৰ্দেশনাৰ তথ্য ফাদিল হোৱাত বুধবাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে বিদ্যালয়ৰ অধ্যক্ষৰ লগতে স্থায়ী শিক্ষকসকলক অধ্যক্ষৰ কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে আৰু কোনো পৰিস্থিতিতে স্থায়ী শিক্ষকসকলক বিদ্যালয়ৰ পৰা যাব নিদিয়ে বুলি বিদ্যালয় কৰ্তৃপক্ষক স্পষ্টভাৱে জনাই দিয়ে৷

বিদ্যালয়খনত সৃষ্টি হোৱা এনে উত্তপ্ত পৰিস্থিতি সন্ধিয়ালৈ শাম নকটাত বোকাজান বিলাতী মাটি কাৰখানাৰ মহাপ্ৰবন্ধক অজিত শুক্লাই বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকসকলৰ লগত এক দীঘলীয়া আলোচনাত মিলিত হয় যদিও বাতৰি লিখা সময়লৈ কোনো সমাধান সূত্ৰ ওলোৱা নাই৷