ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱক লৈ চিন্তিত হৈ পৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়।

কিয়নো পাক চৰকাৰে এতিয়ালৈ কুলভূষণক ক’ত ৰাখিছে সেই কথা এতিয়ালৈ ভাৰত চৰকাৰক ভালদৰে জনোৱা নাই পাক চৰকাৰে।

বিষয়টোত চিন্তা ব্যক্ত কৰি  সাংবাদিকৰ আগত অসহায় বোধ কৰা বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গোপাল বাগলেয়ে কয় যে কুলভূষণৰ স্বাস্থ্য সম্পৰ্কীয়ও কোনো ধৰণৰ খতিয়ান এতিয়ালৈ ভাৰত চৰকাৰৰ হাতত পৰা নাই।

ইফালে আইচিজেয়ে চুড়ান্ত সিদ্ধান্ত নোলোৱালৈকে কুলভূষণৰ মৃত্যুদণ্ড স্থগিত ৰাখিবলৈ পাক চৰকাৰক কঢ়া নিৰ্দেশ দিয়াৰ পিছত পুনৰ একেধৰণৰে প্ৰস্তাৱ দাখিল কৰিছে চুবুৰীয়া দেশখনে।

পাক চৰকাৰৰ হৈ আইচিজেক বিষয়টো পুনৰীক্ষণৰ বাবে আইচিজেলৈ পিটিশ্যন দাখিল কৰিছে খাৱৰ কুৰেশ্বী নামৰ অধিবক্তাজনে।