চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চবুৱাত কেইবাটাও ইটাভাটাই কৃষি পথাৰ নষ্ট কৰাকে ধৰি ইটাভাটাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অৱশেষত মাথো এটা ইটাভাটাক এখন জাননী জাৰি কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে৷ চিআৰচি/২৩/২০১৩-২০১৪ নিৰ্দেশনা জাৰি কৰি এটা মাত্ৰ ইটাভাটাৰ তথ্য বিচাৰি বাকী ১৫টাতকৈ অধিক ইটাভাটাক জাননী কৰা নাই বুলি জানিব পৰা গৈছে৷

চাবুৱাৰ এইচিআৰ ইটাভাটাৰগৰাকী হৰিচৰণ ৰায়ক অতিৰিক্ত উপায়ুক্তই পত্ৰযোগে দিয়া নিৰ্দেশনা মতে ইটাভাটাৰ সকলো নথি-পত্ৰৰ সৈতে কাৰ্যালয়ৰ চেম্বাৰত কোনোধৰণৰ হীনদেৰি নকৰাকৈ উপস্থিত হ’বলৈ আদেশ দিয়ে। ডিব্ৰুগড় জিলা প্ৰশাসনে ২০১৭-১৮ বৰ্ষৰ এনওচি, মাটিৰ খনৰৰ বাবে ব্যৱহৃত মাটিৰ বিৱৰণি আৰু অনুমতি, ব্ৰিকচ ফিল্ডত কাম কৰি থকা কৰ্মী আৰু শ্ৰমিকৰ তালিকা আৰু বয়স বিচাৰে নিৰ্দেশ দিয়ে৷ আনহাতে ৰাজহ চক্ৰ বিষয়াক চাবুৱাৰ ৰাইজে ইটাভাটাৰ বিৰুদ্ধে পদক্ষেপ লোৱাত শলাগ লয়।

অসমৰ খেতি পথাৰ নষ্ট কৰি একাংশ লোকে অবৈধ খনন কৰাৰ ঘটনা বিভিন্ন ঠাইত সংঘটিত হব'লৈ ধৰিছে। বৰ্তমান সময়ত বিভিন্ন সমস্যাই গা কৰি উঠা সমস্যাৰ ভিৰত ইয়ো এটা সমস্যা হৈ পৰিছে৷ এচাম লোকে ৰাজ্যখনত মুনাফা লাভৰ বাবে চলাই অহা কিছুমান অপকৰ্মই বিপদ কঢ়িয়াই আনিছে খেতি পথাৰসমূহলৈ৷

ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাত অবৈধভাৱে স্থাপন কৰি অহা ইটাভাতা সমূহে কৃষিভূমিৰ বাবে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপন হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত ইটাভাতাসমূহে কৃষিভূমি ধ্বংস কৰি য'তে-ত'তে অবৈধভাৱে মাটিকটাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাই জানিবলৈ দিয়া মতে, বৃহত্তৰ চাবুৱা অঞ্চলটোত  থকা ইটাভাতাসমূহে সকলো নীতি-নিয়ম জলাঞ্জলি দি ইটা প্ৰস্তুত কৰি থকাৰ পিছতো প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থপিত হৈছিল৷

অঞ্চলটোৰ একাধিক গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ইটাভাতাসমূহৰ পৰা ওলোৱা ধোঁৱাই পৰিবেশ বিনষ্ট কৰাৰো অভিযোগ উত্থাপন হৈছে। কেইবাটাও ইটাভাতাৰ সমীপতে স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয় থকাৰ পিছতো বায়ু প্ৰদূষণ কৰি ইটা প্ৰস্তুত কৰি অহাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷