চাবুৱাঃ চাবুৱা কৰ্মচাৰী সন্থাই বৃহস্পতিবাৰে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে৷ ২২ মাহে বিনা দৰমহাই কাম কৰা চাবুৱা নগৰ সমিতিৰ কৰ্মচাৰীয়ে দৰমহা আদায় কৰাৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত ৰাজ্যজুৰি পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰা কৰ্মবিৰতি কাৰ্যসূচীক সমৰ্থন জনাই সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে।

পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ, দৰমহা নিয়মীয়াকৰণ আদি দাবী পূৰণৰ দাবীত সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে প্ৰতিবাদ সাব্যস্ত কৰে৷ অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী পালন কৰাৰ ফলত ৰাজ পথত জাৱৰৰ দম পৰি ৰয়৷

বিভিন্ন পৌৰ সভাৰ কৰ্মচাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাই প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ যেন কেতিয়াও সমস্যাৰ ওৰ নপৰাৰ লগতে চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ, staffing Pattern, দৰমহা নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য সমস্যা সমূহৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ খনৰ বঞ্চনাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই আহ্বান জনাৱা আন্দোলন কাৰ্যসূচীক সমৰ্থন কৰি চাবুৱাৰ পৌৰ নিকায় কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে৷