চাবুৱাঃ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো দোষ শিক্ষকসকলক জাপি দি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি থকাৰ সময়তেই ডিব্ৰুগড় জিলাৰ চাবুৱাত দেখা গৈছে শিক্ষা বিভাগৰ এখন লজ্জাজনক ছবি। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিৰ জৰিয়তে অলপতে ডিব্ৰুগড় জিলাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনত থকা চৰকাৰী বিদ্যালয়সমূহ নিৰীক্ষণ কৰি শিক্ষা বিভাগৰ প্ৰকৃত ছবি পোহৰলৈ আনে।

উল্লেখ্য যে বৃহত্তৰ চাবুৱা অঞ্চলত যোৱা ৪ মাৰ্চ আৰু ১২ এপ্ৰিলত প্ৰচণ্ড ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল কেইবাখনো বিদ্যালয়ৰ বাসগৃহ। কিন্তু ৯ মাহ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে বিদ্যালয়সমূহ নিৰ্মাণ কৰিবলৈ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা দেখা নগ’ল। ফলত এতিয়া বহু চৰকাৰী বিদ্যালয়ত এটা কোঠাতে ৫টাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত যোৱা ৯ মাহ ধৰি প্ৰায় ২০ খনতকৈ অধিক বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এটা শ্ৰেণী কোঠাতেই পাঠগ্ৰহণ কৰি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতিয়ে ।

সংগঠনটোৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ গগৈ আৰু সভাপতি জিতুপন শইকীয়া, জগজিৎ গোহাঁই এক বিবৃতিৰ জৰিয়তে কয় যে, যি  সময়ত  শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ বহু উন্নতিৰ কথা কৈ গুণোৎসৱৰ নামত ঢাক-ঢোল বজাই আছে ঠিক সেই সময়তেই চাবুৱাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনৰ ৰংচঙী প্ৰাথমিক বিদ্যালয় , সৰুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয়ত শিক্ষাদান দিয়াৰ নামত কণ-কণ ছাত্র-ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলি আহিছে শিক্ষা বিভাগে ।

যোৱা এপ্ৰিল মাহতে প্ৰচণ্ড বতাহ ধুমুহাই পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয় ক্ষতিগ্ৰস্থ কৰিছিল। বহুকেইখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ টিনপাট বতাহ ধুমুহাই উৰুৱাই নিয়াৰ ফলত এতিয়া ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবৰ বাবে শিক্ষকসকলে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । অানহাতে বহুকেইখন বিদ্যালয়ত এটা ৰুমতেই পাঁচটা শ্রেণীকোঠাৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে ।

কিছুমান বিদ্যালয়ত খেলপথাৰৰ গছৰ তলত পাঠদান কৰাৰ লগতে বিদ্যালয়ৰ বাৰাণ্ডাতো তিনিটা শেণীকোঠাৰ ছাত্ৰ-ছাত্ৰীক মাটিত বঢ়াই পাঠদান কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। সংগঠনটোৰ নেতাজনে লগতে কয় ৯ জুলাই তাৰিখে সংগঠনটোৱে চাবুৱা চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰিছিল ।

ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চৰকাৰী বিদ্যালয়সমূহ ১ মাহৰ ভিতৰত নিমাৰ্ণ কৰি ছাত্ৰ ছাত্ৰীসকলক এক সুস্থিৰ পৰিৱেশত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছিল সংগঠনটোৱে। কিন্তু অতি পৰিতাপৰ বিষয় ৯ মাহ দিন পাৰ হৈ যোৱাৰ পিছতো শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

লগতে মংগলবাৰৰ পৰা চৰকাৰী বিদ্যালয় ৰক্ষা অভিযান নামেৰে এক কাৰ্য্যসূচী আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দি পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়সমূহ ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰা হব বুলি সংগঠনটোৱে  জানিবলৈ দিয়ে ।