চাবুৱাঃ একোগৰাকী শিক্ষকৰ জীৱন পৰিক্ৰমাই মানুহক অনুপ্ৰাণিত কৰে৷ এগৰাকী শিক্ষকৰ পৰা লাভ কৰা অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল হ’বলৈ বাধ্য কৰে৷ এগৰাকী লোকক জীৱনৰ আদি পাঠ শিক্ষকেই দিয়ে৷ বুৰঞ্জী আৰু মানৱ সভ্যতাৰ সাঁকো স্বৰূপ শিক্ষকসকল৷ শিক্ষকৰ আদৰ তাহানিও আছিল আজিও আছে৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকৰ আদৰৰ কথা বৰ্ণনা কৰিব নোৱাৰি৷ শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয়৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ একো একোজন কেতিয়াবা নায়ক হৈ পৰে৷ মহান কৰ্মৰাজিৰ বাবে নায়ক হৈ পৰা এগৰাকী শিক্ষক হ’ল  উলেশ্বৰ ফুকন।

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শিক্ষক উলেশ্বৰ ফুকনে অৱসৰ গ্ৰহণ কৰাৰ পিছতে আজিও নিতৌ বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি ৰাইজৰ বাবে নায়ক হৈ পৰে৷ চাবুৱা অঞ্চলৰ আগশাৰীৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰাৰ ঘটনাই অঞ্চলটোৰ শিক্ষক-অভিভাৱক তথা দল-সংগঠনৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষকগৰাকীয়ে৷ উল্লেখ্য যে ১৯৭৬ চনতেই শিক্ষকতাৰ চাকৰি লাভ কৰি প্ৰথম অৱস্থাত গন্ধগুৰি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আছিল যদিও ১৯৮৬ চনৰ জুন মাহত অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি কৰিছিল।

তাৰ পিছতেই শিক্ষকজনে ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত বিদ্যালয়খনত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল যদিও ২০১৭ চনৰ ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰে। ১৫০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ ৫৮জন শিক্ষকৰ প্ৰয়োজন হয় যদিও বৰ্তমান ৩৮জন শিক্ষক থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে অৱসৰ গ্ৰহণ কৰাৰ পিছতো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গোটেই জীৱন বিনামূলীয়াকৈ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰি যাম বুলি সংকল্প লৈ যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠদান কৰি আছে প্ৰাক্তন প্ৰধান শিক্ষক উলেশ্বৰ ফুকনে।

শিক্ষক জনৰ পদক্ষেপক আদৰণী জনাইছে চাবুৱাৰ অভিভাৱকৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মটক যুৱ-ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে। বিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ বীৰেন নেওগে বিদ্যালয়খনত অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছৰে পৰা বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে যথেষ্ঠ কষ্ট কৰি গঠনমূলক কাম কৰাত বিদ্যালয়খনৰ অভিভাৱকৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজেও অধ্যক্ষগৰাকীৰ কাম-কাজত শলাগ লয়। অধ্যক্ষগৰাকীয়ে ২০১৭ চনৰ ৪ মে’ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ২০১৭ চনৰ ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ গুজৰাট এলাহাবাদত অনুষ্ঠিত হোৱা ৰাষ্টীয় শিশু বিজ্ঞান সমাৰোহত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি ৬৩৮গৰাকীৰ ভিতৰত শ্ৰেষ্ঠ শিশু বিজ্ঞানীৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চলিত বৰ্ষত ২০-২১ জানুৱাৰীত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি বিদ্যালয়ত "মিলন সমাৰোহ" অনুষ্ঠিত কৰি চাবুৱা অঞ্চলটোত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মিলনভূমিলৈ পৰিণত কৰিবলৈ সক্ষম হৈছিল৷