প্ৰতিকি ফটো
প্ৰতিকি ফটো

চাবুৱাঃ ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত চেংধৰাত মাদক দ্ৰব্যৰ অবাধ প্ৰচলন হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে ৰহমৰীয়াৰ সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপিত হয়৷

ৰহমৰীয়া আৰক্ষী থানাৰ সমীপৰ চেংধৰাত একাংশ ব্যৱসায়ীয়ে মুকলিকৈ দিনে-নিশাই চুলাই-বিলাতী সুৰা বিক্ৰী কৰি অহা বুলি জানিবলৈ দিয়ে একাংশ লোকে। বৃহত্তৰ অঞ্চলটোৰ শতাধিক কম বয়সৰ যুৱকে মদৰ ৰাগিত মাতাল হৈ অমূল্য জীৱন ধংস কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বিয়াগোম আবকাৰী বিভাগ এটা থকাৰ পিছতো বৃহত্তৰ অঞ্চলটোত অবৈধ মদৰ ৰমৰমীয়া ব্যৱসায় কেনেদৰে চলি আছে বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা হৈছে।

চেংধৰা অঞ্চলত অবৈধ মদৰ ৰমৰমীয়া ব্যৱসায় সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতো আবকাৰী বিভাগে নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে। অঞ্চলটোত সক্ৰিয় গণ সংগঠনৰ স্থিতিও সন্দেহ জনক বুলি চৰ্চা হৈছে৷ কাঠ ফুলাৰ দৰে দৈনন্দিন বৃদ্ধি পাই অহা অবৈধ মদৰ ব্যৱসায়স্থল সমূহ জিলা প্ৰশাসনক নিয়ন্ত্ৰণ কৰিব'লৈ সচেতন নগাৰিকে দাবী জনায়।