নগাঁও/চামগুৰিঃ বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক প্ৰদান কৰিব চম্পাৱতী বঁটা৷ এই বঁটাৰ বাবে বিশিষ্ট লেখিকাগৰাকীৰ নাম ঘোষণা কৰাৰ পিছতেই নগাঁও জিলাত আনন্দৰ বন্যা বয়৷ লেখিকাগৰাকীৰ সাহিত্যৰ অমূল্য সৃষ্টিৰ বাবে এই বঁটা প্ৰদান কৰিব চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। অহা ৫ ফেব্ৰুৱাৰীত লেখিকাগৰাকীক এই সন্মান প্ৰদান কৰা হ’ব।

উল্লেখ্য যে, জলপ্ৰপাত আৰু চম্পাৱতী নামৰ উপন্যাস দুখনৰ জৰিয়তে চাপানালা অঞ্চলক উজলাই তুলিছিল মণিকুন্তলা ভট্টাচাৰ্যই৷ অসমৰ আগশাৰীৰ সাহিত্য আলোচনী গৰিয়সীত ‘জলপ্ৰপাত’ নামৰ উপন্যাসৰ জৰিয়তে চাপানালা অঞ্চলক ইতিহাস উজলাই তোলা লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চম্পাৱতী বঁটা প্ৰদান কৰাৰ কথা এক বিবৃতি যোগে বিদ্যালয়খনৰ অধ্যক্ষা পাৰুল গায়নে ঘোষণা কৰে। বঁটাত স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ আৰু বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আগবঢ়োৱা সংগৃহীত এটকীয়া ধনৰাশি হ'ব বঁটাৰ মাননি আৰু সন্মান।

অহা ৫ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ সভাত চম্পাৱতী বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। ২০০০ চনত কবিতাৰে আত্মপ্ৰকাশ কৰা প্ৰথমখন গ্ৰন্থৰ বাবে ২০০৪ চনৰ মুনীন বৰকটকী বঁটা, ভ্ৰাম্যমান থিয়েটাৰ ভিত্তিত ৰচিত ‘মই ডেচডিমনা হ'ব খোজোঁ’ উপন্যাসৰ বাবে ২০০৮ চনত অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, ২০১০ চনত বৰফৰ বেলিৰ বাবে ভৱানী শৰ্মা স্মাৰক ছুটি গল্প গ্ৰন্থ বঁটা, ঐক্যতান সাহিত্য সন্মান লাভ কৰাৰ লগতে অসম সাহিত্য সভাৰ গোলাঘাট জিলাই আগবঢ়োৱা সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক বঁটা, ‘সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বঁটা, শতবৰ্ষ সাহিত্য সন্মান অসম সাহিত্য সভা, এনাজৰি সাহিত্য সন্মান আদিৰে সন্মাণিত মণিকুন্তলা ভট্টাচাৰ্য৷

নগাঁৱত জন্মগ্ৰহণ কৰা লেখিকাগৰাকীয়ে নিয়মীয়াকৈ বাতৰি কাকত-আলোচনীত গল্প, কবিতা লিখি সাহিত্য-চৰ্চা কৰাৰ লগতে বিশেষকৈ সম্ভ্ৰান্ত অসমীয়া আলোচনী গৰীয়সীৰ পাতত ধাৰাবাহিকভাৱে লিখা জলপ্ৰপাত নামৰ উপন্যাস আৰু ২০১৩ চনত অসমীয়া খবৰৰ আলোচনীত চম্পাৱতী নামৰ উপন্যাসৰ জৰিয়তে নগাঁও জিলাৰ চাপানালা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ, ঐতিহাসিক কিংবদন্তি, বুৰঞ্জী, লোক কথা, লোক-কাহিনী আদিৰ পাঠকৰ সন্মুখত দাঙি ধৰিছিল৷ বৰদোৱানী, অৰুন্ধতী, মুক্তি, সন্ধ্যা, চামিয়ানা, দস্তখত, মই ডেচডিমনা হ'ব খোজোঁ, বন্ধ ঘৰৰ খিৰিকি, অনুৰোধ, দেৱবালা, ত্ৰিকুটাৰ ঘোঁৰা, যমুনা, বাঁহী, চৰাইখানা আদি ভট্টাচাৰ্যৰ জনপ্ৰিয় উপন্যাস।