অমৰাৱতীঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে 'আমি দুজন, আমাৰ দুটা’ শ্ল’গানটত বিশ্বাস নকৰে। সেয়াই যেন আজি প্ৰতিয়মান হ’ল। দেশৰ এটা ডাঙৰ সমস্যা হ’ল জনসংখ্যা বিস্ফোৰণ। সেয়ে ভাৰতত কোটি কোটি টকা ব্যয় কৰি পৰিয়াল পৰিকল্পনাৰ আঁচনি ৰূপায়ণ কৰা হৈছে।

কিন্তু ইয়াৰ বিপৰীতে দেশৰ ভিতৰতে এজন আগশাৰীৰ মুখ্যমন্ত্ৰী হিচাপে পৰিচিত চন্দ্ৰবাবু নাইডুৱে 'পৰিয়াল ব্যৱস্থা’ অক্ষুন্ন ৰাখিবলৈ আৰু 'ভৱিষ্যত মানৱ সম্পদ’ৰ স্বাৰ্থত দুটাততৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান জনায়।    

যি সময়ত অসমত সন্তানৰ সংখ্যা লৈ ৰাজনীতি হৈছে আৰু দুটাতকৈ অধিক সন্তান থকা কোনো লোকে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব নোৰাৰিবলৈ আইন প্ৰৱৰ্তন কৰা হৈছে, সেই সময়তে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ এই আহ্বানে সকলোকৰে দৃষ্টি আকৰ্ষণ কৰিছে।

শুকুৰবাৰে অমৰাৱতীত টি ডি পিৰ মুৰব্বীজনে কোনো শংকা নোহোৱাকৈ দুটাতকৈ অধিক সম্তন জন্ম দিবলৈ অন্ধ্ৰবাসীক আহ্বান জনায়।
মন কৰিবলগীয়া যে মাত্ৰ দহ বছৰতে পৰিয়াল পৰিকল্পনা আঁচনিখন সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা চৰকাৰৰ মুৰব্বী নাইডুৱে কি চিন্তা কৰি আজি এই মন্তব্য কৰিলে সেয়া সকলোৰে বাবে চিন্তাৰ খোৰাক যোগাইছে।

চীন, জাপান আৰু ইউৰোপৰ বহু দেশত জনসংখ্য বৃদ্ধি নোহোৱাত এতিয়া সমস্যাৰ সৃষ্টি হৈছে। ভৰতত এতিয়া মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কম হ’বলৈ আৰম্ভ কৰিছে। ই এটা সময়ত দেশৰ সমস্যাত পৰিণত হ’বগৈ। গতিকে সময় থাকোতেই এই সমস্যা জনতাই প্ৰতিহত কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।