ফটো সৌজন্যঃ ফেচবুক
ফটো সৌজন্যঃ ফেচবুক

চৰাইদেউঃ ৰঙালী বিহুৰ আনন্দোৎসৱৰ প্ৰাকক্ষণত সমগ্র ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তেই বিগত চাৰিটা দিনত ৰাজ্যৰ ভিন্ন স্থানত উজনিৰ পৰা নামনিলৈ সংঘটিত হয় কেবাটাও পথ দুৰ্ঘটনা। বাপতি সাহোন বিহুটি হেপাঁহেৰে উদযাপন কৰি থকা সময়তেই পথ দুৰ্ঘটনাই অমানিশা কঢ়িয়াই আনিলে একাধিক পৰিয়াললৈ।

♦ ১মে'ত এয়াৰ ইণ্ডিয়াত পাইলট হিচাপে যোগ দিয়াৰ কথা আছিল চন্দ্ৰ শেখৰৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে উজনিৰ চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত মৰাণ বটামৰাত কালি সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত নিহত হয় এজন যুৱক। প্ৰাপ্ত তথ্যমতে, কালি সন্ধিয়া প্ৰায় ৪.৩০মান বজাত মৰাণৰ পৰা সোণাৰি অভিমুখে ঘৰলৈ আহি থকা এ-এছ-০১ বি এইচ-৬২১১ নম্বৰৰ ইক'স্পৰ্ট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এঘৰ লোকৰ দেৱালত খুন্দা মৰাত গাড়ীখনত থকা যুৱকজন গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ মৰাণহাট আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে মৃত্যু হয়।

নিহত যুৱকজন হৈছে চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ননী বৰুৱাৰ পুত্ৰ চন্দ্ৰ শেখৰ বৰুৱা। আমেৰিকাত প্ৰশিক্ষণ প্ৰাপ্ত চন্দ্ৰ শেখৰ বৰুৱাই অহা ১মে'ত এয়াৰ ইণ্ডিয়াৰ পাইলট ৰূপে যোগদান কৰাৰ কথা আছিল।

সম্ভাৱনাপূৰ্ণ যুৱকজনৰ এনে অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিহুৰ বতৰতো সমগ্ৰ চৰাইদেউ জিলাতে শোঁকৰ ছাঁ পৰিছে। দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন, চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদককে ধৰি সমাজসেৱাৰ সৈতে জড়িত কেবাগৰাকী নেতৃস্থানীয় লোক আৰু স্থানীয় চৰাইদেউবাসী ৰাইজে চন্দ্ৰ শেখৰৰ ঘৰলৈ গৈ পিতৃ মাতৃ তথা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

আজি চন্দ্ৰ শেখৰৰ মৃতদেহ পুৱাৰ প্ৰায় এঘাৰ বজাত মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰলৈ নিয়া হয়। মৰোণোত্তৰ পৰীক্ষাৰ অন্তত বিয়লি প্ৰায় তিনি বজাত সোণাৰিৰ নিজ গৃহলৈ মৃতদেহটো আনে। ইয়াৰ পিছতে প্ৰায় ৩.৩০ মান বজাত সোণাৰি ৰাজহুৱা শ্মশানত এক শোকাকূল পৰিৱেশত চন্দ্ৰশেখৰৰ শেষকৃত্য সম্পন্ন কৰা হয়।

বিয়লিৰ ভাগত সোণাৰি দৈনিক বজাৰ গৃহৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে অঞ্চলটোৰ অধিকাংশ দোকান-পোহাৰ বন্ধ ৰখা পৰিলক্ষিত হয়। চন্দ্ৰশেখৰৰ মৃত্যুত স্থানীয় ব্যৱসায়ী সন্থাৰ লগতে সোণাৰি প্ৰেছ ক্লাৱ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মাণিক গগৈ, টাইপাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাপতি লোহিত গগৈকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।