চৰাইদেউঃ ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত নানান সমল উজনিৰ শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া ডিব্ৰুগড় জিলাত আজিও পোৱা যায়৷ তাৰ লগে লগে আহোম যুগৰ বহু সম্পদ তথা সমল মাটিৰ তলত থকা বুলি অনুমান কৰি আহিছে বহু পৰ্যটক তথা চৰকাৰৰ ভূতত্ববিদে৷ স্থাপত্য, ভাস্কৰ্য আদিৰ লগতে আহোম শাসন কালৰ অমূল্য সম্পদ মাটিৰ তলত পোত খায় থকাৰ অনুমান কৰা হয়৷

ইয়াৰ মাজতে, মঙলবাৰে আহোম ৰাজত্ব কালৰ ইতিহাস প্ৰসিদ্ধ সমল উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বহু সম্পদ যে আজিও মাটিৰ তলত পোত খায় আছে সেই কথা আকৌ এবাৰ প্ৰমাণ কৰে৷ আহোমৰ ৰাজত্বকালৰ ৰাজধানীৰ অন্যতম অংশ চৰাইদেউ জিলাৰ চৰাইদেউ মৈদামৰ সমীপৰ ঐতিহ্যমণ্ডিত পেটু পুখুৰীত উদ্ধাৰ হয় আহোম যুগৰ ড্ৰেগন আকৃতিৰ দুটা সম্পদ৷

আহোম ৰাজত্বকালৰ সম্পদ উদ্ধাৰ হোৱাৰ খবৰে একপ্ৰকাৰ তাহানিৰ স্মৃতি ৰোমন্থন হ’বলৈ আৰম্ভ হৈছে উজনি অসমত৷ আহোম যুগৰ ড্ৰেগন আকৃতিৰ সোণৰ সম্পদ উদ্ধাৰ হৈছে পেটু ধুৱা পুখুৰীত৷ মাটিৰ তলত পোত খাই থকা অৱস্থাত কেইবা ফুট তলত সোমাই থকা সামগ্ৰীটো এমজি এনৰেগা আঁচনিৰ শ্ৰমিকে উদ্ধাৰ কৰে৷ শ্ৰমিকে মাটি খান্দি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ড্ৰেগন আকৃতিৰ এটাৰ ওজন ৬ কেজি আৰু ২ফুট ৬ ইঞ্চি দৈৰ্ঘ্যৰ আনটো কিছু সৰু যদিও ৪ কেজি ওজনৰ আৰু ২ ফুট ৫ ইঞ্চি দৈৰ্ঘ্যৰ৷ আহোমৰ ৰাজধানী ঐতিহাসিক শিৱসাগৰ-চৰাইদেউ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷

আহোম ৰজাই বৰ বৰ পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলা দুখনত আজিও ভৰপূৰ। শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। তাৰ মাজতে এনে সম্পদ উদ্ধাৰ হোৱাৰ খবৰে আনন্দিত কৰিছে ৰাইজক৷