চৰাইদেউৰ সোণাৰিত আমছুৰ সংবাদমেল,হিমন্তক প্ৰত্যাহ্বান আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ 

চৰাইদেওঃ চৰাইদেউৰ সোণাৰিত আমছুৱে আজি এক সংবাদমেল অনুস্থিত কৰে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উক্ত সংবাদমেলখন সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়। 

আমছু জাতীয় সংগঠন হয় নে নহয় তাৰ প্ৰমাণ পত্ৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া অধিকাৰ নাই। নিজে দল-বাগৰা নেতা হৈ আনক সমালোচনা কৰাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ। চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আমছুৰ কেন্দ্ৰীয় সভাপতিয়ে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে আমছুক সমালোচনা কৰাৰ প্ৰত্যুত্তৰ হিচাপে এনেদৰে কয়। সংবাদমেলত আমছুৰ সভাপতিগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এক অস্থিৰ পৰিৱেশৰ সূচনা কৰিবলৈ আমছুক সমালোচনা কৰা বুলি উল্লেখ কৰি আমছু এন আৰ চিৰ বিৰোধী নহয় বুলি মন্তব্য কৰে। আনহাতে এন আৰ চি ৰূপায়ণৰ নামত খাটিখোৱা কোনো ভাৰতীয় নাগৰিকক অত্যাচাৰ নকৰিবলৈও আমছুৰ সভাপতিগৰাকীয়ে আহ্বান জনায়|

চৰাইদেউৰ পৰা আছিকুৰ ৰহমান