photo by Anjan Saikia
photo by Anjan Saikia

চতিয়াঃ যি সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে গুণোৎসৱৰ আয়োজন কৰিছে তেনে সময়ত চতিয়াৰ উত্তৰ অঞ্চলৰ জনজাতি অধ্যুষিত চেঙামাৰী অঞ্চলৰ একমাত্র উচ্চ শিক্ষাৰ অনুষ্ঠান চেঙামাৰী হাইস্কুৰ দুৰৱস্থাই অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজক উদ্বিগ্ন কৰি তুলিছে।

১৯৬৪ চনত প্ৰতিষ্ঠা হোৱা প্ৰাদেশীকৃত এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই ডেক্স-বেঞ্চ। একোখন বেঞ্চত পান জপাদি বহুৱাই আহিছে ছাত্ৰ-ছাত্ৰীক।

কোনোটো শ্ৰেণীত ১৫১ জন ছাত্ৰ-ছাত্ৰী থকাৰ পাছতো কৰিব পৰা নাই পৃথক শাখা। আচৰিত কথাটো হৈছে প্ৰায় ৬ শতাধিক ছাত্ৰ-ছাত্ৰী থকাৰ পাছতো এইখন বিদ্যালয়ত নিয়মীয়া শিক্ষক আছে মাত্ৰ ৪ গৰাকী। দুজন ঠিকাভিত্তিক শিক্ষক আছে যদিও শিক্ষা বিভাগৰ গুৰুত্বহীনতাৰ বাবে এক প্ৰকাৰ হতাশ হৈ পৰিছে তেওঁলোক।

মাত্ৰ ৪ গৰাকী শিক্ষকেৰে চলি অহা ৬ শতাধিক ছাত্ৰ-ছাত্ৰী থকা এই হাইস্কুলত গুণোৎসৱে কি পৰিৱৰ্তন আনে তালৈ এতিয়া আশাৰে বাট চাই ৰৈছে অভিভাৱক তথা অঞ্চলবাসীয়ে।