newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ মাওবাদীৰ আক্ৰমণত দুই জোৱান শ্বহীদ হয়৷ ছট্টীছগড়ত নিৰাপত্তাৰক্ষীৰ ওপৰত ভয়াবহ আক্ৰমণ সংঘটিত কৰে মাওবাদীয়ে৷ এই আক্ৰমণত বিএছএফৰ দুই জোৱানে মৃত্যুক আকোৱালি লয়৷ শনিবাৰে পুৱাই হঠাৎ বিএছফৰ এটা দলক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ইতিমধ্যে ঘটনা সংঘটিত এলেকাত অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা-আৰক্ষীয়ে৷ 

কাংকেৰ জিলাৰ পৰতাপুৰ আৰক্ষী থানা এলেকাত সংঘটিত হয় ঘটনা৷ বিএছএফৰ জোৱানক লক্ষ্য কৰি পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত মাওবাদীয়ে পহৰা দি থকাৰ সময়তে ধাৰাষাৰ গুলীবৰ্ষণ কৰে৷ গুলীবৰ্ষণত বিএছএফৰ জোৱান মুখতিয়াৰ সিং আৰু লোকেন্দ্ৰ সিং শ্বহীদ হয়৷ আন এজন জোৱান গুৰুতৰ ভাৱে আহত হয়৷ শ্বহীদ জোৱানৰ মৃতদেহ পংজোৰৰ ১১৪ নং বিএছএফৰ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়লৈ অনা হৈছে৷ কাৰ্যালয়ত বিএছএফৰ উচ্চ পদস্থ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি যাচে৷