মোৰাঝাৰঃ হোজাই থানাৰ অন্তৰ্গত ইছলামনগৰ টেংৰিপাৰ গাঁৱত কালি সন্ধিয়া সংঘটিত হোৱা এক হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে উত্তেজনা। ঘটনাৰ বিৱৰণী অনুসৰি উক্ত গাওঁখনৰ নিৰ্জন পথাৰত এটি শিশুৰ মৃতদেহ পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছত হুৱা-দূৱাৰ সৃষ্টি হয়।

পিছলৈ পৰি থকা শিশুৰ মৃতদেহটি গাওঁ খনৰে আব্দুল মতিনৰ সাত বছৰীয়া পুত্ৰ  জাবেদ আলীৰ বুলি চিনাক্ত কৰে একাংশই। লগে লগে প্ৰত্যক্ষদৰ্শীসকলে ঘটনা সন্দৰ্ভত পৰিয়ালক খবৰ দিয়াৰ লগতে নীলবাগান উপ আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিয়ে। সেইমতে ততাতৈয়াকৈ ঘটনাস্থলীত দণ্ডাধীশৰ লগতে আৰক্ষীৰ বৃহৎ এটা দল উপস্থিতি হৈ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এক হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি হয়।

ইপিনে মৃত সাত বছৰীয়া শিশু জাবেদ আলীক তেওঁৰে ভিনিয়েক নুৰ আহমেদে  পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে মৃত জাবেদৰ পৰিয়ালে। ইয়াৰ পাছত আৰক্ষীয়ে অভিযুক্ত নুৰুৰ অনুসন্ধানত কালিৰ পৰা অভিযান তীব্ৰতৰ কৰাৰ ফলত আজি আবেলি শংকৰদেৱ নগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা অভিযুক্তক হোজাই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী ধৃত অভিযুক্তক আদালতত হাজিৰ কৰাই যদিও আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত বিচাৰে। আনহাতে উক্ত হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে অভিযুক্ত হত্যাকাৰীৰ বাসগৃহত অগ্নিসংযোগ কৰি সম্পূৰ্ণৰূপে জ্বলাই দিয়ে।

অৱশেষত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ বৃহৎ এটা দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা।