newsnextone.com | ডিজিটেল ডেস্কঃ  আপুনি বহিৰাগত নেকি? যদি আপুনি অইন ঠাইৰ পৰা আহিছে তেন্তে আপুনি নিজৰ সুৰক্ষাৰ স্বাৰ্থত অতি সাবধান হোৱা উচিত৷ কিয়নো সোপাধৰা বুলি আপুনিও একাংশ উদণ্ড লোকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ব পাৰে৷ যিদৰে কিছুদিন পূৰ্বে কাৰ্বি আংলঙত প্ৰাণ হেৰুৱালে নিলোৎপল আৰু অভিজিতে৷

কেৱল অসমতেই নহয় কিছুমান ভুৱা বাতৰিৰ মাজত সোমাই পৰিছে দেশৰ কেইবাখনো ৰাজ্য৷ হোৱাটছআপ, ফেচবুক আদি ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ হোৱা ভুৱা বাতৰিৰ বাবে বিভিন্ন অঞ্চলত মানুহৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে কেইবাজনো নীৰিহ লোকে৷

শিশু অপহৰণ কৰাৰ অপৰাধ জাপি দি অসম, তামিলনাডু, ত্ৰিপুৰাকে ধৰি দেশৰ ৯ খন ৰাজ্যত বিগত ১ টা বছৰৰ ভিতৰত ২৭ জন নিৰীহ লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে৷ 

যদিও কেতবোৰ ভুৱা বাতৰিৰ বাবেই এনে হিংসাত্মক তথা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে, তথাপি এনে ঘটনাই সমাজত কুপ্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈ আহিছে৷ বিশেষকৈ যিবোৰ ঠাইত শিক্ষাৰ প্ৰভাৱ কম, তেনে ঠাইত এনে হিংসাত্মক ঘটনা বেচিকৈ ঘটা পৰিলক্ষিত হয়৷ কিন্তু এনে ঘটনাৰ আঁৰত অভিযুক্তৰ চৰিত্ৰ, মানসিকতা, কিদৰে ভুৱা বাতৰি প্ৰচাৰ হয়, আৰক্ষী তথা প্ৰশাসনৰ প্ৰতিক্ৰিয়া আৰু এনে ঘটনাৰ বিৰুদ্ধে লোৱা আইনী ব্যৱস্থাও মন কৰিবলগীয়া৷ 

সমীক্ষা মতে দেখা গৈছে এটা অঞ্চলত এনে ঘটনা সংঘটিত কৰা লোকসকলে সমাজত সাধাৰণ জীৱন যাপন নকৰে৷ তেওঁলোক হত্যা, ধৰ্ষণ, ডকাইতি, চুৰি আদি বিভিন্ন অসামাজিক কামৰ সৈতে জড়িত হৈ থকা ব্যক্তি৷ মাথো ভুৱা বাতৰিৰ গইনা লৈ তেনে লোকসকলে নিজৰ পাশৱিক চৰিত্ৰৰ বৰ্হিপ্ৰকাশ কৰে৷

আনহাতে গণ প্ৰহাৰৰ ফলত প্ৰাণ হেৰুওৱা দেশৰ ২৭ জনৰ লোকৰ হত্যাৰ ঘটনা ভালকৈ বিচাৰ কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে ঘটনা সংঘটিত হোৱা অঞ্চলত আৰক্ষী থানাৰ দূৰত্বই কোনো  প্ৰভাৱ পেলায় নাই৷ সমগ্ৰ দেশত গণ প্ৰহাৰৰ বলি হোৱা ২৭ গৰাকী নিৰীহ লোকৰ ঘটনালৈ প্ৰত্যক্ষ কৰিলে এই কথা স্পষ্ট হৈ পৰে৷

কিয়নো যিবোৰ অঞ্চলত সোপাধৰা সজাই মৰিয়াই মৰিয়াই নিৰীহক হত্যা কৰা হৈছে, তাৰ পৰা থানাৰ দূৰত্ব মাথো ২ৰ পৰা ২০ কিলো মিটাৰৰ ভিতৰত৷ আৰক্ষীৰ সীমিত সংখ্যাৰ বাবেই আৰক্ষীৰ সন্মুখতে এনে ঘটনা সংঘটিত হৈ আহিছে৷

ইণ্ডিয়ান এক্সপ্ৰেছে নিজাববীয়াকৈ চলোৱা এক তদন্তত এই কথা স্পষ্ট হৈছে যে দেশৰ বিভিন্ন প্ৰান্তত গণ প্ৰহাৰত প্ৰাণ হেৰুওৱা সকলো কেইজন নিৰীহ লোকেই অভিযুক্তক পূৰ্বতে চিনি নাপায়৷ তেওঁলোক সেই অঞ্চলৰ মাজেৰে পাৰ হৈ আহোতে ভুৱা বাতৰি আৰু মানুহৰ ক্ষোভৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷

উল্লেখ্য যে, যোৱা বুধবাৰে মহাৰাষ্ট্ৰৰ ধুলা জিলাত ৫ জন নিৰীহ লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হয়৷ এই ঘটনাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ঘটনাক গুৰুত্ব সহকাৰে লৈ হোৱাটছআপ যোগে প্ৰচাৰ হোৱা ভুৱা বাতৰি ৰোধ কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পিছতে হোৱাটছআপৰ তৰফৰ পৰাও ভুৱা মেছেজ প্ৰচাৰ বন্ধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে৷

গণ হিংসা আৰু ভুৱা প্ৰচাৰ সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই কয়, ‘এনে হিংসাত্মক ঘটনা প্ৰতিৰোধৰ বাবে প্ৰধান দায়িত্ব হৈছে স্থানীয় আৰক্ষীৰ৷ তেওঁলোকে মানুহক কিমান সজাগ কৰিব পাৰে, আৰু ভুৱা বাতৰি প্ৰচাৰ কিমান ৰোধ কৰিব পাৰে সেয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে৷’ তেওঁ পুনৰ কয়, ‘দেশৰ বিভিন্ন প্ৰান্তত স্থানীয় আৰক্ষী প্ৰশাসনৰ তৎপৰতাত ভুৱা বাতৰি প্ৰচাৰ ৰোধ হৈছে আৰু অপ্ৰিয় ঘটনা সংঘটিত হোৱা নাই৷ আৰক্ষীৰ উদ্যমে পৰিস্থিতি শান্ত কৰি ৰাখিব পাৰিব৷’

আনহাতে গণ হিংসাৰ সবহু ঘটনাত আৰক্ষীৰ ভূমিকা লজ্জাজনক হৈ পৰাও দেখিবলৈ পোৱা গৈছে৷ ঝাৰখণ্ডত এগৰাকী লোকক আৰক্ষীৰ বাহনৰ পৰা উলিয়াই আনি আৰক্ষীৰ সন্মুখতে হত্যা কৰা হৈছিল৷ ইফালে ত্ৰিপুৰাতো আৰক্ষীৰ শৰণাপন্ন হোৱা লোকক এজাক নৰপিশাচে আৰক্ষীৰ উপস্থিতিতে হত্যা কৰাৰ ঘটনা ঘটিছে৷ 

শিশু অপহৰণৰ অপৰাধ জাপি দি যোৱা এটা বছৰত ঝাৰখণ্ডত-৭ জনক, তামিলনাডুত-১ জনক, কৰ্ণাটকত-১ জনক, তেলেংগানাত-১ জনক, অসমত-২ জনক, পশ্চিম বংগত-২ জনক, চত্তীশগড়ত-১ জনক, ত্ৰিপুৰাত-৩ জনক আৰু মহাৰাষ্ট্ৰত-৯ জনক গণ প্ৰহাৰৰ নাম দি মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল৷