ডিজিটেল ডেস্কঃ এই খন দেশতে খাদ্য সামগ্ৰী নষ্ট কৰি পেলাই দিয়া মানুহ বহু আছে৷ প্ৰতিপত্তিশীল লোকসকলে বৰ বৰ পাৰ্টিৰ আয়োজন কৰি লাখ লাখ টকা খৰচ কৰে যদিও বহু সময়ত খাদ্য-সামগ্ৰী নষ্ট কৰি পেলাই দিয়া দেখা যায়৷ একাংশ উচ্চ শ্ৰেণীৰ লোকৰ এয়া যেন এক ফেশ্যন ৷ কিন্তু তাৰ বিপৰীতে সমাজৰ এটা শ্ৰেণীয়ে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ পেটৰ ভোক নিবাৰণৰ বাবে ইফাল সিফাল ঘুৰি ফুৰে৷ দেশৰ শ্ৰমিক, খাটিখোৱা, দৰিদ্ৰ লোকে অৰ্থৰ অভাৱত দুবেলা দুমুঠি অন্নৰ বাবে আনৰ ওচৰত হাত পাতিব লগা হয়৷

বহু বয়োজ্যেষ্ঠ-শিশু-কিশোৰে আজিও ৰাজ পথত, ছিগনেলত ভিক্ষা মাগি পৰিয়াল পোহপাল দিয়ে৷ দুই এগৰাকী লোকে এনে শিশুক দয়া কৰি দুই-এটকা হাতত গুজি থৈ যায়৷ কৰ্ম ব্যস্ততাৰ বাবে দুই-এটকা হাতত গুজি দিয়াৰ বাহিৰে আন কথা চিন্তা কৰিবলৈ আওকাণ কৰা দেখা নাযায়৷ ভাৰতৰ দৰে দেশত এনে সমস্যা ভয়াবহ সমস্যা ৰূপে পৰিগণিত হৈছে৷ দেশৰ দৰিদ্ৰ পৰিয়ালে ভিক্ষা মাগি পৰিয়াল পোহপাল দিয়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য পুষ্টিহীনতাত পৰা দেখা যায়৷ পুষ্টিহীন খাদ্য-সামগ্ৰী খাবলৈ নোপোৱাৰ ফলত একাংশ শিশু দুৰ্বল হৈ পৰে৷ ভোকৰ তাড়নাত চটফটাই থকা শিশুসকলৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰে৷ দেশৰ বিভিন্ন ঠাইত বৃদ্ধি পাই আহিছে পুষ্টিহীন শিশু৷

শেহতীয়াকৈ উত্তৰ প্ৰদেশত বহু শিশু পুুষ্টিহীনতাৰ স্বীকাৰ হৈছে বুলি জানিব পৰা গৈছে৷ উত্তৰ প্ৰদেশত পুষ্টিহীনতাত প্ৰায় ৫০ লাখৰো অধিক শিশু আক্ৰান্ত হৈছে। চৰকাৰে জনহিতাৰ্থে কাম কৰাৰ উপৰিও পুষ্টিহীনতাৰ দৰে সমস্যাক সমাধানত গুৰুত্ব দিয়া বুলি প্ৰচাৰ চলাই আহিছে যদিও পুষ্টিহীন শিশুৰ সংখ্যা কমা নাই৷ চৰকাৰে এই সমস্যা সমাধানৰ বাবে "শৱৰী সংকল্প" যোজনাৰ আৰম্ভণি কৰে৷ ৩৯খন জিলাত এই আচঁনিৰ ৰূপায়ণ কৰা হৈছে। পুষ্টিহীনতাত ভোগা শিশুসকলৰ বাবে চৰকাৰে লৈ আহিছে৷ পিয়ল মতে যোৱা ৫ বছৰৰ ভিতৰৰ শিশুৱে পুষ্টিহীনতাৰ আক্ৰান্ত হৈছে৷

উত্তৰ প্ৰদেশৰ আজমগঢ় জিলাৰ শিশুসকলে এই বেছিকৈ আক্ৰান্ত হৈছে৷ পুষ্টি ৰাজ্য মিছনৰ নিৰ্দেশক অনুপ কুমাৰৰ মতে, ৬ খন জিলাত প্ৰায় ৫০ শতাংশ শিশুৱে এনে ৰোগৰ বলি হৈছে৷ লোকপিয়লৰ মতে আজমগঢ়ত ৬১ শতাংশ, শ্বাহজাহানপুৰত ৫৪ শতাংশ, বন্দায়ুত ৫৩৬ জন, কৌশামবীত ৫২৮ জন, জৌনপুৰত ৫২৭ জন আৰু চিত্ৰকূটত ৫২৫ জন শিশু পুষ্টিহীনতাত ভোগিছে৷ ৩৩ খন জিলাত প্ৰায় ৩০ শতাংশ শিশুৱে পুষ্টিহীনতাত পৰি যুঁজ দিব লগা হৈছে৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সমষ্টি গোৰখপুৰতো ইয়াৰ প্ৰভাৱ আছে৷ পুষ্টিহীনতাৰ বিৰুদ্ধে অভিযান চলাই থকা প্ৰদেশ সমূহত ৫ বয়সৰ শিশুসকলৰ ওজনৰ মাত্ৰা প্ৰায় ৪০ লাখ শিশুৰ বয়সতকৈ কম ওজনৰ৷ বৰ্তমান পুষ্টিহীনতাত ভোগা এনে শিশুসকলক কম ওজনৰ শিশুৰ তালিকাত অনৰ্ভূক্ত কৰা হৈছে৷

১৩,৬৮,৭৩৪ লাখৰ শিশু এই বেমাৰৰ ভূক্তভোগী৷ শিশুসকলক সুস্থ কৰিবলৈ নিয়োগ কৰা বিষয়া সকলে পুষ্টিহীন শিশুসকলক ৰেড অৰ্থাৎ ৰঙা তালিকাত অন্তৰ্ভূক্ত কৰিছে৷ বিষয়াসকলৰ মতে, ২০১৮ চনৰ ডিচেম্বৰৰ ভিতৰত পুষ্টিহীনতাত ভোগা শিশুসকল ২৮-২৬ শতাংশলৈ হ্ৰাস কৰাৰ পণ লোৱা হৈছে৷
বৰ্তমানলৈকে ৩০০০ বিষয়াই ৬০০০ গাঁৱক এই কাৰ্যৰ বাবে সামৰি লৈছে৷ লোকপিয়ল মতে, শিশুসকলক ৩টা শ্ৰেণীত ভাগ কৰা হৈছে৷ সেউজীয়া ৰঙত সম্পূৰ্ণ ভাৱে সুস্থ শিশুসকলক, হালধীয়া শ্ৰেণীত ভালদৰে শুশ্ৰুষা কৰিলে সুস্থ হৈ উঠা শিশুসকলক অন্তৰ্ভূক্ত কৰোৱা হৈছে৷ বয়সতকৈ কম ওজন হোৱাৰ বাবে পুষ্টিহীনতাৰ শিশুসকলক ৰঙা তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে৷ সেউজীয়া ৰঙক সু-স্বাস্থ্য অৰ্থাৎ জীৱনটোক এক নতুন পথত গতি কৰোৱা, হালধীয়া ৰং মানুহৰ মনৰ লগতে জীৱনকো সতেজ কৰি তোলা বুজায়৷ যিহেতু ৰঙা ৰঙটো বিপদৰ প্ৰতীক, এনে শিশুসকলৰ মৃত্যু হোৱাৰ সম্ভাৱনা থকাৰ বাবে অধিক গুৰুত্ব দিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে৷