ডিজিটেল ডেস্কঃ শুকুৰবাৰে চীনত চুৰীৰে আক্ৰমণ কৰি ৭ গৰাকী ছাত্ৰক হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হয়৷ এগৰাকী লোকৰ আক্ৰমণত ৭ গৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে ১২ গৰাকী ছাত্ৰ আহত হয়৷ সকলো ছাত্ৰ মাধ্যমিক স্কুলৰ বুলি খবৰ আহিছে৷

চীনৰ উত্তৰ পশ্চিম দিশৰ সান্সি প্ৰদেশৰ মিঝি কাউণ্টত এই ঘটনা সংঘটিত হৈছে৷ চীনৰ জিংহুৱা নিউজে প্ৰকাশ কৰা খবৰ মতে স্কুলৰ ছুটীৰ পিছত ঘৰলৈ গৈ থকাৰ সময়ত আক্ৰমণ কাণ্ড সংঘটিত হয়৷ ইতিমধ্যে আক্ৰমণকাৰীক আটক কৰে আৰক্ষীয়ে৷