গুৱাহাটীঃ দিল্লীয়ে যদি তিব্বতীয় অঞ্চলত নিজৰ দখল দেখাব পাৰে, তেন্তে চীনেও কাশ্মীৰ বিষয়ত দখল দিব পাৰে- ভাৰতলৈ এনেই একপ্ৰকাৰৰ ভাবুকিৰ ইংগিত দিছে চীনৰ প্ৰশাসনে। দৰাচলতে তীব্বতৰ আধ্যাত্মিক গুৰু দালাই লামা ১২ দিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৱত উপস্থিত আছে৷ এই ভ্ৰমণত মুঠেই সুখী নহয় চীনা প্ৰশাসন৷

এই ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি চীনে ইতিমধ্যে কেইবাবাৰো ভাৰতলৈ পত্ৰ প্ৰৰণ কৰিছিল৷ ইফালে এই পত্ৰৰ প্ৰত্যুত্তৰ ভাৰতেও দিছে৷ এই সংঘাতৰ মূল কাৰণ হল দালাই লামা অৰুণাচল প্ৰদেশ ভ্ৰমণক লৈ৷

এই ক্ষেত্ৰত ভাৰতে চীনক ভাৰতৰ ভিতৰুৱা কাৰ্যপন্থাত মাত নামাতিবলৈও সকিয়াই দিছে৷ চীনা চৰকাৰ ইমানতে ক্ষান্ত নাথাকি কাশ্মীৰত নিজৰ স্থিতি দেখুওৱাৰো ভাবুকি প্ৰদান কৰিছে ভাৰতক৷