ডিজিটেল ডেস্কঃ নিয়ন্ত্ৰণহীন হৈ পৰা চীনা মহাকাশ কেন্দ্ৰই এটা যিকোনো মুহুৰ্তত আহি পৃথিৱীক আঘাত কৰিব পাৰে। এই খবৰ প্ৰকাশ কৰিছে ইউৰোপীয়ান স্পেচ এজেন্সীয়ে। এজেন্সীটোৰ জাৰ্মানীস্থিত স্পেচ ডেব্ৰিচ অফিচৰ পৰা সদৰী কৰা মতে চলিত সপ্তাহৰ এক দুই দিনৰ ভিতৰতে টিয়াংগং ১ নামৰ মহাকাশ কেন্দ্ৰটো ভূ-পতিত হ’ব। 

দৰাচলতে মহাকাশ কেন্দ্ৰটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে চীনৰ। স্পেচ এজেন্সীটোৰ অনুমান মতে ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিলৰ ভিতৰত উত্তৰ গোলাৰ্ধত পতিত হ’ব টিয়াংগং ১। সাম্ভাব্য তাৰিখৰ সালসলনিও ঘটিব পাৰে বুলি এজেন্সীটোৱে সন্দেহ ব্যক্ত কৰিছে। 

পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে ৮.৫ টন ওজনৰ এই মহাকাশ কেন্দ্ৰটো ভাঙি-চিঙি যাবলৈ ধৰিব। কিন্তু তৎস্বত্বেও কমেও ১০০ কিলোমান ওজনৰ ভগা-ছিগা টুকুৰা পৃথিৱীৰ পৃষ্ঠভূমি আহি পাব পাৰে বুলি এৰ’স্পেচ নামৰ এক নাচাৰ সহযোগী গৱেষক সংস্থা এটাই তথ্য প্ৰকাশ কৰিছে।

কেবাশ কিলোমিটাৰ জোৰা এটা এলেকাত এই অৱশিষ্ট টুকুৰাবোৰ পৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। টিয়াংগং মহাকাশ কেন্দ্ৰটোত তিনিজন মহাকাশচাৰীয়ে জিৰণি ল’ব পাৰিছিল যদিও চীনৰ আগন্তুক মহাকাশ অভিযানৰ বাবে এক আৰ্হিমূলক পদক্ষেপহে আছিল এই টিয়াংগং ১। ইতিমধ্যে চীনে টিয়াংগং ২ পৃথিৱীৰ কক্ষপথত স্থাপন কৰি মহাকাশ অভিযান অব্যাহত ৰাখিছে।

তাৎপৰ্যপুৰ্ণ যে কেন্দ্ৰটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ কথা ২০১৭ বৰ্ষৰ শেষৰফালেহে ৰাজহুৱা কৰিছিল চীনা চৰকাৰে। বিশেষজ্ঞৰ তথ্য মতে টিয়াংগং ১ ৰ টুকুৰা আহি ভাৰত, স্পেইন, তুৰস্ক, ইটালী আৰু আমেৰিকাৰ কিছু অংশত পৰিব পাৰে।