লালুকঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত বিহু সন্মিলনৰ চান্দা সংগ্ৰহ কৰিবলৈ অহা কেইজনমান যুৱকৰ সৈতে একাংশ ব্যৱসায়ীৰ মাজত সংঘাতৰ সূত্ৰপাত হয়৷

পৰবৰ্তী সময়ত উক্ত সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰাত চান্দা সংগ্ৰহ কৰিবলৈ অহা যুৱকৰ দলটোৱে পলায়নৰ চেষ্টা কৰে যদিও ৰাইজে খেদি খেদি তিনি যুৱকক আটক কৰি আৰক্ষীক গতাই দিয়ে৷

আটক কৰা যুৱক তিনিজন ক্ৰমে জয়জ্যোতি গগৈ, মানসপ্ৰতিম শইকীয়া আৰু পুলিন বৰুৱা৷ ইফালে একাংশ ব্যৱসায়ীয়ে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বাবে চান্দা সংগ্ৰহ কৰিবলৈ অহা দলটোক খেদি খেদি আক্ৰমণ কৰাৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰক্ষীয়ে লাঠীচালনা কৰিবলগাীয়া হয়৷

একাংশ ব্যৱসায়ীয়ে উক্ত সময়ত অসমীয়াৰ স্বাভিমানত আঘাত হনা শ্ল’গান দিয়াক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷