ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চাহানপুৰত আজি সংঘটিত হয় দুটা ফৈয়দৰ মাজত তুমুল সংঘৰ্ষ। দুয়োটা ফৈয়দৰ মাজত সংঘটিত সংঘৰ্ষই এজনৰ প্ৰাণ লোৱাৰ লগতে গুৰুতৰভাবে অাহত হয় ১৬ জন। ইয়াৰ উপৰিও ২৫ টা কৈ বাসগৃহ জ্বলাই দিয়ে ক্ষোভিত জনতাই।

চাহানপুৰৰ ছবিৰপুৰ অাৰু হিমলানা গাৱত থকা ৰাজপুত অাৰু দলিত সম্প্ৰদায়ৰ লোকৰ মাজত সংঘটিত হয় উক্ত মাৰপিট। প্ৰাপ্ত তথ্য মতে, মহাৰানা প্ৰতাপৰ সোঁৱৰণত পতা এখন সভাত দুয়োটা ফৈয়দৰ হোবা প্ৰচণ্ড মাৰপিট। পুৰ্বতেও অাম্বেদকাৰ মূৰ্তি স্থাপনক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বাক-বিতণ্ডাৰ।

উল্লেখ্য যে, হিমলানা প্ৰতাপৰ সোঁবৰণত অনুষ্ঠিত উক্ত কাৰ্যসূচীত ছবিৰপুৰ বালে ঠাকুৰ নামৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে হিমলান গাৱৰ কিছু ব্যক্তিয়ে উচ্চ স্বৰত গান বজাই গৈছিল। তেতিয়াই ছবিৰপুৰ মুৰব্বী শিৱ কুমাৰে কঠোৰ ভাষাত চাউণ্ড কমাই দিবলৈ কোৱাত প্ৰথমতে বাক-বিতণ্ডাত লিপ্ত হয়।

প্ৰথমতে বাক-বিতণ্ডাৰে অাৰম্ত হোৱা কাজিয়াখনত দুয়োপক্ষৰ মানুহৰ ভীৰ বঢ়াৰ লগে লগে উমি উমি লগা কাজিয়াখন তুমুল সংঘৰ্ষলৈ ৰূপান্তৰিত হয়।