প্ৰতীক ফটো
প্ৰতীক ফটো

লালুকঃ অসম সৰ্বশিক্ষা মিছন অভিযানৰ অন্তৰ্গত সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সন্থাই আজিৰে পৰা অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিছে৷

২০০৩ চনতে ৰাজ্যৰ বিভিন্ন জিলাত স্থাপিত ৯৬ টা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যৰ আধাতে বিদ্যালয় এৰা, শিশু শ্ৰমিক, আৰ্থিক দুৰৱস্থাৰ বাবে একেবাৰে বিদ্যালয়লৈ নোযোৱা ৬-১৪ বছৰৰ শিশুসকলক সামৰি ২৪ ঘণ্টাই আলপৈচান ধৰি অহা শিক্ষা কৰ্মী আৰু সহায়ক সকলক শিক্ষা বিভাগে চৰম বঞ্চনা কৰি অহাৰ প্ৰতিবাদত আজিৰে পৰা সমগ্ৰ অসমত কৰ্মী সকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে৷

ইয়াৰ পূৰ্বে কেন্দ্ৰ কৰ্মী সন্থাই সংবাদ মেল পাতি এই শ্ৰেণী বৰ্জন কাৰ্যসূচী সন্দৰ্ভত বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছিল যদিও বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰিলে৷ যাৰ ফলত আজিৰে পৰা সন্থাই শ্ৰেণী বৰ্জন কৰিছে৷ সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কৰ্মী সন্থাৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজীবে নিউজ নেক্সট ৱানক জনোৱা মতে বিভাগীয় বিষয়াই টেলিফোনযোগে এই কাৰ্যসূচী নকৰিবলৈ আহ্বান জনাইছিল।

কিন্তু সন্থাই উত্থাপিত দাবী সন্দৰ্ভত লিখিতভাৱে নজনালে কাৰ্যসূচী স্থগিত নকৰে বুলি স্পষ্টকৈ জনাই দিয়ে৷ ইফালে বিভাগীয় ভাবে বিফল হৈ মিছন সঞ্চালকে তৎকালীনভাৱে শ্ৰেণী বৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷

সন্থাই বিষয়টো অৱগত হোৱাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি বিভাগৰ এনে হঠকাৰী সিদ্ধান্তই আন্দোলনতোক মষিমূৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰি অনিৰ্দিষ্টকালীন আন্দোলন চলাই যাব বুলি কয়৷ লগতে বিভাগৰ পৰা উত্থাপিত দাবীৰ সন্দৰ্ভত লিখিতভাবে প্ৰতিশ্ৰুতি পালেহে আন্দোলন স্থগিত ৰাখিব বুলি জনায়৷