newsnextone.com।ডিফু: অহা দুই অক্টাবৰত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে ডিফু নগৰ সমিতিৰ নিৰ্দেশ মৰ্মে আজি পুৱাৰ ভাগত আত্ম সহায়ক গোট সমুহৰ আৰমুঙ চিঙৰীৰ এৰিয়া লেভেল ফেডাৰেছনৰ নেতৃত্বত ডিফু চহৰৰ বৃহত্তম ৩ নং ৱাৰ্ডত প্ৰায় ৫০ টাৰো অধিক আত্ম সহায়ক গোটৰ সদস্য সকলে চাফাই অভিযান চলায় ৷ সদস্য সকলে হাতে হাতে ঝাড়ু, কোৰ, টুকুৰীয়া আদি লৈ বৃহত্তম ৱাৰ্ডটোৰ হৰিলাল বস্তি, দেৱানবস্তি, ধৰমনালা আৰু মাটিপুঙ এলেকা পৰিষ্কাৰ কৰে ৷ আনহাতে আজিৰ চাফাই অভিযানৰ নেতৃত্ব প্ৰদান কৰে আৰমুঙ চিঙৰি এৰিয়া লেভেল ফেডাৰেছনৰ সভানেত্ৰী জোনাকী ৰংপিপী আৰু সম্পাদিকা অঞ্জলি তিমুঙপীয়ে ৷