ভেংকায়া নাইডুৰ পৰা বঁটা গ্ৰহণৰ মুহূৰ্তত নগাঁৱৰ উপায়ুক্ত
ভেংকায়া নাইডুৰ পৰা বঁটা গ্ৰহণৰ মুহূৰ্তত নগাঁৱৰ উপায়ুক্ত

ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা আয়োজিত এক প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে স্বচ্ছ চহৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও চহৰে। ৰাজ্যৰ ৰাজধানী চহৰসমূহৰ ব্যতিৰেকে আন চহৰসমূহৰ শিতানত উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ ভিতৰত নগাঁও চহৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰে। 

একাধিক শিতানত আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল দেশৰ অধিকাংশ চহৰে। প্ৰতিযোগিতাৰ অন্তত ৪ মে'ত এক সংবাদ মেলৰ জৰিয়তে স্বচ্ছ চহৰৰ তালিকাত কোনখন চহৰে কি স্থান লাভ কৰিছে সেয়া ঘোষণা কৰা হয়।

এই অনুষ্ঠানতে নগাঁও চহৰে উত্তৰ-পূব মণ্ডলৰ ভিতৰত আটাইতকৈ স্বচ্ছ চহৰৰ বঁটাটো লাভ কৰে। সংবাদ মেলত ঘোষণাৰ পিছতে আনুষ্ঠানিকভাৱে পুৰস্কাৰ প্ৰদান কৰা হয়।

পুৰস্কাৰসমূহ প্ৰদান কৰে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী ভেংকায়া নাইডুৱে। উক্ত অনুষ্ঠানতে নগাঁও জিলাৰ প্ৰশাসনিক মুৰব্বী হিচাপে উপায়ুক্ত চমছেৰ সিঙে নাইডুৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক গুৰুত্ব প্ৰদান কৰি জিলা প্ৰশাসনৰ লগতে নগাঁও চহৰৰ বাসিন্দাসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগ হোৱাৰ ফলতে স্বচ্ছতাৰ তালিকাত চহৰখনে স্থান লাভ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, কালি ঘোষণা কৰা ফলাফল অনুযায়ী দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে স্বীকৃত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰ। দ্বিতীয় স্থানত আছে মধ্যপ্ৰদেশৰে ভূপাল। তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম আৰু গুজৰাটৰ চুৰাট।

আনহাতে দেশৰ ভিতৰতে আটাইতকৈ অপৰিচ্ছন্ন চহৰৰ শীৰ্ষ ১০ৰ তালিকাত আছে উত্তৰ প্ৰদেশৰ ৪খনকৈ চহৰ। এই চহৰ কেইখন হৈছে খুৰজা, ছাহজাহানপুৰ, হাৰদোই আৰু গোণ্ডা। এই তালিকাত বিহাৰ আৰু পঞ্জাৱৰ দুখন চহৰ অন্তৰ্ভূক্ত হৈছে। তালিকাখনত আছে মহাৰাষ্ট্ৰৰো এখন চহৰ।

ইফালে অসমৰ ভিতৰতে একমাত্ৰ নগাঁও চহৰে এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰা জিলাবাসীয়ে শলাগ লৈছে জিলা উপাযুক্তগৰাকীৰ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইটাৰযোগে এই সফলতাৰ বাবে নগাঁওবাসীৰ লগতে জিলা প্ৰশাসনকো শুভেচ্ছা জ্ঞাপন কৰিছে।