photo by Jitumani Das, NNO Azara
photo by Jitumani Das, NNO Azara

আজাৰাঃ অসমীয়া জন-জীৱনৰ জাতীয় ঐক্য আৰু সমন্বয়ৰ প্ৰতীক ৰঙালী বিহুটি অসমবাসীৰ অতি আদৰৰ। বসন্ত ঋতুৰ আগমনত প্ৰকৃতিৰ লগতে মানুহৰ মন আনন্দত নাচি উঠে। এনে আনন্দৰ সময়তে আগছিয়া ৰঙালী বিহু সন্মিলনীৰ হীৰক জয়ন্তীত অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

আগছীয়া ৰঙালী বিহুৰ হীৰক জয়ন্তীত উপস্থিত থাকি অনাগত সময়ত ৰাইজৰ হৈ সততা, নিষ্ঠা আৰু সাহসৰে কাম কৰি অসমখনক আগুৱাই নিবৰ বাবে সংকল্পবদ্ধ বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উপযুক্ত শিক্ষাৰ জৰিয়তে নিজৰ লগতে সমাজখনক আগুৱাই নি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে।

হীৰক জয়ন্তী অনুষ্ঠানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা, ৰাভা শাসিত  স্বায়িত্ব পৰিষদৰ কাৰ্যৱাহী সদস্য জয়ন্তী ৰাভা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

এই সভাত স্মৃতিগ্ৰন্থ গগণা উন্মোচন কৰে নেমকেয়াৰ চিকিৎসালয়ৰ সঞ্চালক প্ৰধান তথা বিশিষ্ট সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱাই। বৰুৱাই ভাষণত ৰাইজে যি মৰম, স্নেহ দিলে তাৰ প্ৰতিদান স্বৰূপে চিৰদিন আগছীয়াবাসী ৰাইজৰ লগত থাকি সহায়ৰ হাত আগবঢ়াই যাব বুলি উল্লেখ কৰাৰ লগতে দুটি গীতৰ কলি গুণ গুণাই উপস্থিত ৰাইজক আপ্লুত কৰে।