গুৱাহাটীঃ সাম্প্ৰতিক সময়ত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে ৱেব আৰু ছ’চিয়েল মিডিয়াৰ গুৰুত্ব দিনে দিনে বাঢ়ি অহাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ক নতুন নীতি-নিয়ম নিৰ্ধাৰণ কৰি বিভাগটো পুনৰ্গঠন কৰাৰ নিৰ্দেশ দিছে। ডিআইপিআৰক অধিক কাৰ্যদক্ষ কৰি তোলাৰ বাবে ছ’চিয়েল আৰু ৱেব সংবাদমাধ্যমৰ অৰিহণা স্বীকাৰ কৰি সোণাৱালে কয় যে  সংবাদজগতৰ পৰিৱৰ্তিত ধাৰাৰ সৈতে খাপ খুৱাই চলাটো অপৰিহাৰ্য হৈ পৰিছে।

জনতা ভৱনত মঙলবাৰে বিভাগটোৰ পুনৰীক্ষণ বৈঠকত অধ্যক্ষতা কৰা সোণোৱালে বিভাগটোৰ ন কাৰ্যপন্থা সন্দৰ্ভত এক দীঘলীয়া নিৰ্দেশনাৱলী জাৰি কৰে। বিশ্বজুৰি সংবাদজগতখনত ৱেব আৰু ছ’চিয়েল মিডিয়াই সৃষ্টি কৰা অভুতপূৰ্ব পৰিৱৰ্তনৰ কথা উনুুকিয়াই সোণাৱালে ৰাজ্যখনৰ বিভাগটোকো এই দুই নতুন অথচ শক্তিশালী মাধ্যমক গুৰুত্বসহকাৰে ল’বলৈ নিৰ্দেশ দিয়ে। 

তথ্য প্ৰচাৰৰ ক্ষেত্ৰত বৈদ্যুতিন আৰু ছপা মাধ্যমৰ ভূমিকা লেখত ল’বলগীয়া যদিও নতুন কাৰ্যপন্থাত ৱেব আৰু ছ’চিয়েল মিডিয়াকো সমানে গুৰুত্ব প্ৰদান কৰা হ’ব বুলি কয় সোণোৱালে। তদুপৰি নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ বাবে সাংবাদিকতা বঁটা প্ৰদানৰ ব্যৱস্থাৰে সংবাদ ক্ষেত্ৰখনত তেওঁলোকক উত্সাহিত কৰিবলৈও নিৰ্দেশ দিয়ে সোণাৱালে।