ছ’চিয়েল মিডিয়াযোগে ব্ৰাহ্মণ্যবাদক প্ৰাধান্য দিয়া পোষ্টৰ বাবে 'ছ’ৰী’ বুলি কৈ অৱশেষত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে নিশা এক টুইটযোগে ক্ষমা বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ষমা বিচাৰি কৰা টুইটটোত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া চোৱা-চিতাৰ দায়িত্বত থকা টীমৰ এজন সদস্যই গীতৰ শ্লোক ভুলকৈ অনুবাদ কৰি পোষ্ট কৰিছিল বুলি মন্তব্য কৰা দেখা গৈছে।

সম্প্ৰতি ডিলিট কৰি দিয়া উক্ত পোষ্টটোত গীতাৰ এটি শ্লোকৰ উধৃতিৰে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ সেৱা-শুশ্ৰূষা কৰাটোৱেই শূদ্ৰসকলৰ স্বাভাৱিক কৰ্ম বুলি উল্লেখ আছিল। এই পোষ্টটো যোৱা মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক পেজ আৰু টুইটাৰ একাউণ্টত আপলোড কৰা হৈছিল। পোষ্টটো প্ৰকাশ পোৱা মাত্ৰকে সচেতন নেটিজেনসকলে বিজেপি চৰকাৰখনে দেশ তথা ৰাজ্যত ব্ৰাহ্মণ্যবাদৰ প্ৰচাৰ কৰিব বিচাৰিছে বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীক উভতি ধৰে। বিৰোধী কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু বাওপন্থী দলৰ নেতাসকলেও মুখ্যমন্ত্ৰীগৰাকীক পোষ্টটোৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি লয়।

ক্ষমা বিচাৰি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

সচেতন নেটিজেন আৰু বিৰোধী নেতাসকলৰ সমালোচনাৰ সন্মুখীন হোৱাৰ অন্তত পোষ্টটো ডিলিট কৰিবলৈ বাধ্য হৈ পৰা মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতিও স্পষ্ট কৰি দিয়ে। ক্ষমা বিচাৰি লিখা পোষ্টটোত হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে তেওঁ ছ’চিয়েল মিডিয়াত কৰা এটি পোষ্ট ডিলিট কৰিছে। তেওঁ লিখিছে, 'মই নিয়মীয়াকৈ প্ৰতিদিনেই পুৱা নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্ৰীমদভগৱদগীতাৰ শ্লোক আপলোড কৰি আহিছো। এতিয়ালৈকে মই ৬৬৮টা শ্লোক পোষ্ট কৰিছো। শেহতীয়াকৈ মোৰ টীমৰ এজন সদস্যই শ্ৰীমদভগৱদগীতাৰ ১৮সংখ্যক অধ্যায়ৰ ৪৪নং শ্লোকটো ভুলকৈ অনুবাদ কৰি পোষ্ট কৰিছিল।’  

তেওঁ আৰু লিখিছে, 'যেতিয়াই এই কথা জানিব পাৰিলো, লগে লগে মই পোষ্টটো ডিলিট কৰি দিও। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত হোৱা সমাজ সংস্কাৰৰ আন্দোলনৰ ফলশ্ৰুতিত অসমে জাত-পাতবিহীন এখন আদৰ্শ সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰি আহিছে। যদিহে ডিলিট কৰা উক্ত পোষ্টটোৱে কাৰোবৰা অন্তৰত আঘাত হানিছে তেন্তে মই সেই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো।’

ডিলিট কৰা পোষ্টটোত কি আছিল?

২৬ ডিচেম্বৰৰ পুৱা হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমদভগৱদগীতাৰ এটি শ্লোক নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। তেওঁ এখন গ্ৰাফিক্সো শ্বেয়াৰ কৰিছিল। এই গ্ৰাফিক্সখনত কৃষ্ণ আৰু অৰ্জুনৰ ফটো আছিল আৰু গীতাৰ অষ্টাদশ অধ্যায়ৰ সন্যাস যোগৰ ৪৪নং শ্লোকৰ উধৃতিৰে এটি শ্লোক লিখা আছিল।

শ্লোকটোত লিখা হৈছিল, 'কৃষিকৰ্ম, গো-পালন, বাণিজ্য- এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কৰ্ম আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য- এই তিনি বৰ্ণক শুশ্ৰুষা কৰাটো হৈছে শূদ্ৰৰ স্বাভাৱিক কৰ্ম।’

এই গ্ৰাফিক্স শ্বেয়াৰ কৰি হিমন্ত বিশ্ব শৰ্মাই কেপশ্যনত লিখিছিল, 'স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছে বৈশ্য আৰু শূদ্ৰৰ স্বাভাৱিক কৰ্মৰ প্ৰকাৰ।’

পোষ্টটোক লৈ দেশজুৰি বিতৰ্ক

গ্ৰাফিক্সত অসমীয়াৰ লগতে হিন্দী ভাষাতো গীতাৰ উক্ত শ্লোকটোৰ অনুবাদ উল্লেখ কৰাত বিতৰ্কই ৰাজ্যৰ সীমা অতিক্ৰমি সমগ্ৰ দেশতে বিয়পি পৰে। মুখ্যমন্ত্ৰীৰ এই পোষ্টটোক লৈ অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুশ্লিমীন চমুকৈ এআইএমআইএমৰ মুৰব্বী আছাদুুদ্দিন ওৱেচিয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টযোগে কয় যে ডিলিট কৰা পোষ্টটোৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীৰ সমাজক লৈ কি ধাৰণা তাৰ উমান পাব পাৰি।

তেওঁ লিখিছে, 'সাংবিধানিক পদত থাকি আপুনি শপত লৈছে যে সকলো নাগৰিকৰ সৈতে আপুনি সমব্যৱহাৰ কৰিব। এই কাৰ্যই অসমৰ মুছলমানসকলে বিগত কেইবছৰমান কি দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে তাৰ ছবিখনো দাঙি ধৰিছে। হিন্দুত্ব স্বতন্ত্ৰতা, সমানতা, বন্ধুত্ব আৰু ন্যায়ৰ বিৰোধী।’

উল্লেখ্য যে বিজেপিত যোগ দিয়াৰ পিছৰে পৰা উগ্ৰ হিন্দুত্ববাদী মন্তব্যৰ জৰিয়তে সমগ্ৰ দেশতে এক নতুন চিনাকি গঢ় লৈ উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ। বিগত বৰ্ষৰ ৭ ডিচেম্বৰতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁক মুছলমানৰ ভোট আশাই নকৰে কিয়নো মুছলমানসকলে বিজেপিক ভোট নিদিয়ে বুলি তেওঁ জানেই।

মুখ্যমন্ত্ৰী হিমন্তৰ উক্ত পোষ্টটো সন্দৰ্ভত কংগ্ৰেছ নেতা পৱন খেৰায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত টেগ কৰি কয়, 'আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ সৈতে একমত হয়নে?’

তেওঁ আৰু লিখিছে, 'যদিহে আপুনি এই সন্দৰ্ভত তেওঁক সমালোচনা কৰে তেন্তে তেওঁ আৰক্ষী পঠিয়াই দিব। কিন্তু এই ধৰণৰ বিভেদকামী মন্তব্যক কোনোপধ্যে উলাই কৰিব পৰা নাযায়।’

কমিউনিষ্ট পাৰ্টীয়েও হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টটোক লৈ নিজৰ মতামত প্ৰকাশ কৰি এনে কাৰ্যতেই বিজেপিৰ মনুবাদী বিচাৰধাৰাৰ আভাস পোৱা যায় বুলি মন্তব্য কৰিছে। আনহাতে বহুজন লাইফছ মেটাৰ নামৰ এটি টুইটাৰ হেণ্ডেলে লিখিছে, 'হিমন্ত বিশ্ব শৰ্মাই শূদ্ৰসকলক অপমান কৰা টুইট পোষ্ট কৰিছে। এই টুইটটোত সমাজৰ খাটি খোৱা আৰু মেহনতি শ্ৰেণীটোক লৈ তেওঁ কৈছে যে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ সেৱা কৰাটোৱেই তেওঁলোকৰ কাম।’

মাষ্টাৰ বিজেএন নামৰ আন এটা হেণ্ডেল পৰা কৰা টুইটত এইদৰে লিখিছে, 'এই জাত-পাতেৰে ভৰা অসাংবিধানিক টুইটটোক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। এই পোষ্টটোক লৈ বিজেপিৰ অনুসূচিত শ্ৰেণীৰ ভোটাৰসকলেও কোনো আপত্তি নকৰে কিয়নো সমগ্ৰ দেশৰ সাধাৰণ জনতাক আজি বিজেপিয়ে ব্ৰেইনৱাশ্ব কৰি দিছে।’

মুখ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণে এয়া টীমৰ সদস্যৰ ভুলনে?

ব্ৰাহ্মণ্যবাদক উদগণি যোগোৱা গীতাৰ শ্লোক ছ’চিয়েল মিডিয়াত পোষ্ট কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ পিছত ক্ষমা বিচাৰি মুখ্যমন্ত্ৰীয়ে সেয়া তেওঁৰ টীমৰ সদস্যই কৰা ভুল বুলি মন্তব্য কৰিছে। ক্ষমা বিচাৰি দিয়া পোষ্টটোত তেওঁৰ পোষ্টটোত টীমৰ সদস্যই শ্লোকটো ভুলকৈ অনুবাদ কৰা বুলিও উল্লেখ কৰিছে।  পিছে মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে সঁচাকৈয়ে এয়া তেওঁৰ ছ’চিয়েল মিডিয়া টীমৰ কোনো সদস্যই কৰা ভুল নে? 

যিটো শ্লোক মুখ্যমন্ত্ৰীয়ে পোষ্ট কৰিছিল সেই শ্লোকটো হৈছে গীতাৰ সন্যাসোৎকৰ্ষযোগৰ ৪৪নং শ্লোক। তলত মূল সংস্কৃত শ্লোকটো উল্লেখ কৰা হ’লঃ
 
'कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥

ড০ মুকুন্দ মাধৱ শৰ্মাই অসমীয়ালৈ অনুবাদ কৰা 'শ্ৰীমদ্ভগৱদগীতা যথাযথ’ৰ ৮৮৯ নং পৃষ্ঠাত উক্ত শ্লোকৰ অসমীয়াত সংস্কৃত উচ্চাৰণ উল্লেখ আছে এইদৰে, 

'কৃষিগোৰক্ষ্যৱাণিজ্যং ৱৈশ্যকৰ্ম স্বভাৱজম।
পৰিচৰ্য়াত্মকং কৰ্ম শূদ্ৰস্যাপি স্বভাৱজম।।’

উক্ত গ্ৰন্থখনিত থকা শ্লোকটোৰ অসমীয়া অনুবাদ হৈছে, 'কৃষি, গো-পালন আৰু বাণিজ্য বৈশ্যসকলৰ নিজ স্বভাৱৰ পৰা উদ্ভূত হোৱা কৰ্ম। শ্ৰম আৰু আনৰ পৰিচৰ্যা শূদ্ৰসকলৰ নিজ স্বভাৱজনিত কৰ্ম।’ আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা পোষ্টটোত শ্লোকটোৰ অনুবাদ কৰা হৈছিল এইদৰে, 'কৃষিকৰ্ম, গো-পালন, বাণিজ্য- এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কৰ্ম আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য- এই তিনি বৰ্ণক শুশ্ৰুষা কৰাটো হৈছে শূদ্ৰৰ স্বাভাৱিক কৰ্ম।’

দুয়োটা অনুবাদৰ অৰ্থ প্ৰায় একে যদিও প্ৰথমটোত পোনপটীয়াকৈ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য- এই তিনি বৰ্ণক শুশ্ৰূষা কৰাটো শূদ্ৰসকলৰ কাম বুলি কোৱা হোৱা নাই। তাৰ পৰিৱৰ্তে গ্ৰন্থখনত শ্ৰম আৰু আনৰ পৰিচৰ্যা কৰাটো শূদ্ৰসকলৰ নিজ স্বভাৱজনিত কৰ্ম বুলিহে উল্লেখ কৰা হৈছে।