anitwitter
anitwitter

newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ মাজতে তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে। তৃণমূলৰ সাংসদে সংসদ উত্তাল কৰাৰ লগতে ইতিমধ্যে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে অসমলৈ অহাৰ কথা ঘোষণা কৰে। আনহাতে সোমবাৰে পুৱাই তৃণমূলৰ সাংসদক অসমলৈ আহিছে বুলি কয় মমতাই। সেমবাৰে অসমত এনআৰচিৰ খচৰা মুকলি কৰাৰ পিছতে মমতা বেনাৰ্জীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে।

মমতাই কয় যে এক পৰিকল্পনা কৰি মানুহৰ নাম বাদ পেলোৱা হৈছে। আমি এই কাৰণেই উদ্বিগ্ন যে তেওঁলোকে নিজ দেশতে শৰণাৰ্থী হৈছে। বাংলাভাষী মানুহ আৰু বিহাৰীক খেদাৰ এক পৰিকল্পনা কৰা হৈছে। আমাৰ ৰাজ্যত এই বিষয়ত প্ৰভাৱ পৰিব।

আধাৰ কাৰ্ড থকা লোক, পাৰপত্ৰ থকা লোকক খচৰাত নাম অন্তৰ্ভুক্ত কৰা নাই। নামৰ ওপৰত ভিত্তি কৰি নাম এৰি দিয়া হৈছে। পশ্চিম বংগৰ মমতা বেনাৰ্জীক জোৰ কৰি উচ্ছেদ কৰিব পাৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে মমতাই।

ক'ত যাব ৪০ লাখ মানুহ যিসকলৰ নাম বাদ পৰিল। কেন্দ্ৰীয় চৰকাৰৰ কোনো পূৰ্বনিৰ্ধাৰিত কৰ্মসূচী নায়। অৱশেষত বাংলা ক্ষতিগ্ৰস্ত হ'ব। এতিয়া বিজেপিক ৰাজনীতিৰ বাবে ভোট দিব বুলি কৈ ইয়াৰ বাবে মমতাই সংশোধনী বিধেয়ক আনিবলৈ আহ্বান জনায় গৃহমন্ত্ৰীক।