গুৱাহাটীঃ অৱশেষত ভাল দিন আহিল স্বায়ত্ত শাসিত পৰিষদ সমূহৰ শাসকীয় কৰ্তৃপক্ষৰ৷ পূৰ্বৰ চৰকাৰৰ লগতে বৰ্তমানৰ চৰকাৰখনকো দীৰ্ঘদিনে দৰমহা বৃদ্ধিৰ বাবে আপত্তি দৰ্শাই আহিছিল যদিও আওকান কৰি আহিছিল চৰকাৰসমূহে৷ অৱশেষত যেন তেওঁলোকৰ দাবী মানি ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বায়ত্ত শাসিত পৰিষদৰ শাসকীয় কৰ্তৃপক্ষৰ সৈতে বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত পুঁজি আৱন্টন, উন্নয়ন, দুৰ্নীতি আদিৰ লগতে মুখ্যকাৰ্যবাহী, কাৰ্যবাহী, জিএমসকলৰ দৰমহাৰ কথাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। অসম বিধানসভাৰ সচিবালয়ত স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধিৰে অনুষ্ঠিত হোৱা মিছিং, কাৰ্বি, সোণোৱাল কছাৰী, দেউৰী, ঠেঙাল, ৰাভা হাচং আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধি উপস্থিত থাকে।

এই বৈঠকতে স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষৰ দৰমহাৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। পৰিষদৰ অধ্যক্ষ মুখ্য কাৰ্যবাহীৰ ৪০ হাজাৰ টকা, জিএমৰ ২৫ হাজাৰ টকা, ইএমৰ ৩৫ হাজাৰ, উপাধ্যক্ষৰ ৩৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় বৈঠকত। পুঁজিও বৃদ্ধি কৰাৰ লগতে প্ৰতিখন স্বায়ত্ত শাসিত পৰিষদে কৰ্মচাৰী নিয়োগ আৰু ৰাজ্য চৰকাৰে বিষয়া-কৰ্মচাৰী নিয়োগ কৰিব বুলি সিদ্ধান্ত লয়।