গুৱাহাটীঃ নাহিদৰ সংগীতক শ্বৰীয়ত বিৰোধী কাৰ্য বুলি এচাম ধৰ্মান্ধই ফটোৱা জাৰি কৰা কাৰ্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াই গা কৰি উঠিছে ৰাজ্যখনত। মুখ্যমন্ত্ৰী সোণোৱালেও তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 'নাহিদ আফ্ৰিনৰ দৰে অসমৰ প্ৰতিভাৱান শিল্পীক ধৰ্মীয় গোড়ামীৰ বাবে অনুষ্ঠান পৰিৱেশনত বাধা প্ৰদান কাৰ্য অতি নিন্দনীয়। দেশৰ সংগীত জগতত নাহিদ অসমৰ গৌৰৱ আৰু নাহিদৰ সুৰক্ষাৰ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰিব।’- এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ। 

প্ৰতিজন শিল্পী ধৰ্মীয় বান্ধোনৰ উৰ্ধত থাকে গতিকে এনে কাৰ্যই সমাজৰ সম্প্ৰীতি আৰু সমন্বয়ৰ বাতাবৰণ বিনষ্ট কৰে বুলিও সোণোৱালে মত ব্যক্ত কৰিছে। এনে অপশক্তিৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হৈ থিয় দিয়াৰ বাবেও জনসাধাৰণক আহ্বান জনাইছে। ইফালে ছচিয়েল মিডিয়াকে ধৰি সচেতন মহলৰ মাজত নাহিদৰ বিৰুদ্ধে ফটোৱা জাৰী কৰাসকলৰ প্ৰতি সৰৱ হৈ পৰিছে। নাহিদো ম্ৰিয়মান হৈ পৰিছে। ধৰ্মান্ধসকলৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি উঠিছে।