বটদ্ৰৱাঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰত্যক্ষ উদ্যোগত বটদ্ৰৱাৰ শ্ৰীশ্ৰী শ'লগুৰি আৰু শ্ৰীশ্ৰী ন'ৰোৱা সত্ৰৰ সত্ৰাধিকাৰদ্বয়ৰ উপস্থিতিত আজি বিয়লি জনতা ভৱনত গুৰুজনাৰ পৱিত্ৰ জন্মস্থানখনিৰ সামগ্ৰিক উন্নয়ন আৰু সংৰক্ষণ সন্দৰ্ভত এক সু-পৰিকল্পিত 'ৰোড-মেপ'ৰ ওপৰত বিতং আলোচনা কৰা হয়৷

এই বৈঠকত মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও বিধায়কে অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্য চৰকাৰৰ কেবাগৰাকী শীৰ্ষ বিষয়া, নগাঁও জিলাৰ উপায়ুক্তৰ লগতে বটদ্ৰৱাৰ কেইবাগৰাকীও সচেতন নাগৰিকো উপস্থিত থাকে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয় বৈকুণ্ঠখ্যাত বটদ্ৰৱাক বিশ্ব পৰ্যটনৰ মেপত স্থান দিয়াৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ লোৱা সংকল্পৰ কথা দোহাৰে৷ 

আলোচনাৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে চিৰকৌমায্য ব্ৰতাৱলম্বী সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তৰ পৰা আশীষ-নিৰ্মালি গ্ৰহণ কৰে৷