newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ বাণিজ্য শাখত শাখাত মুঠ ১৭ হাজাৰ ৭৬৭গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ফলাফল অনুসৰি বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ১৫,০৩৮ গৰাকীয়ে। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৩ হাজাৰ ৫২৬ গৰাকীয়ে। 

দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪৯৫০ আৰু ৬৫৬২ গৰাকী। উত্তীৰ্ণৰ হাৰ ২০১৬ বৰ্ষৰ ৮৬.০১ আৰু ২০১৭ বৰ্ষৰ ৮২.৭২ৰ বিপৰীতে ২০১৮ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৬৪। 

বাণিজ্য শাখাত ৰাজ্যৰ প্ৰথম দহটা স্থান দখল কৰি নিজ নিজ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ গীতাঞ্জলী জুনিয়ৰ কলেজৰ ৰৌনক লোহিয়াই প্ৰথম স্থান দখল কৰে৷ ৰৌনকে লাভ কৰিছে ৪৭৪ নম্বৰ। 

ডিব্ৰুগড় জিলাৰ ছল্ট ব্ৰুক একাডেমিৰ দিক্ষীতা বৰুৱাই ৪৭১ নম্বৰ লাভ কৰি দ্বতীয় স্থান লাভ কৰিছে৷ 

৪৬৪ নম্বৰ লাভ কৰি ডিব্ৰুগড় জিলাৰ জ্ঞান বিজ্ঞান একাডেমিৰ শ্বেতা দাসে তৃতীয় স্থান দখল কৰে৷

যুটীয়া ভাবে নগাঁৱৰ গীতাঞ্জলী জুনিয়ৰ কলেজৰ ছাত্ৰী ৰাধিকা আগৰৱালা ৪৬২ নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰাৰ লগতে ৪৬২ নম্বৰ লাভ কৰি আৰু
দৰং কলেজৰ ছাত্ৰী সাক্ষী সিঙে চতুৰ্থ স্থান লাভ কৰে৷

ওদালগুৰি জিলাৰ নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজৰ ছাত্ৰ মোহন প্ৰধানে ৪৬১ লম্বৰ লাভ কৰি পঞ্চম স্থান দখল কৰে৷  

৪৬০ নম্বৰ লাভ কৰি ষষ্ঠ স্থান যুটীয়া ভাবে স্থান লাভ কৰে কাছাৰৰ ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ ছাত্ৰ চয়ন পল আৰু ওদালগুৰি জিলাৰ নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজৰ ছাত্ৰী বিধি বেৰিয়াই৷ 

৪৫৯ লাভ কৰি কাছাৰ জিলাৰ ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ ছাত্ৰী কুন্তলা গুপ্তাই সপ্তম স্থান দখল কৰে৷

ৰাজ্যৰ তিনি মেধাই যুটীয়া ভাবে অষ্টম স্থান দখল কৰে৷ ৪৫৮ লম্বৰ লাভ কৰি ডিব্ৰুগড় জিলাৰ ছল্ট ব্ৰুক একাডেমিৰ ছাত্ৰ অভিভৱন হাজৰিকাই, হাইলাকান্দি জিলাৰ হাইলাকান্দি জুনিয়ৰ চায়েন্স কলেজৰ যশ সাৰদা আৰু নগাঁও জিলাৰ গীতাঞ্জলী জুনিয়ৰ কলেজৰ ছাক্ৰী চিংকি চেতিয়াই এই স্থান লাভ কৰে৷ 

নৱম স্থান যুটীয়া ভাবে দখল কৰে গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰতীক্ষা বাচ্যাচ আৰু তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা কলেজৰ ছাত্ৰ বিশাল দেৱনাথে৷ নম্বৰ লাভ কৰে ৪৫৭।
 
যুটীয়া ভাবে ৰাজ্যৰ তিনি ছাত্ৰই দশম স্থান লাভ কৰে৷ দৰং জিলাৰ ব্ৰিলিয়েণ্ট একেডেমিৰ পল্লৱী দাস, গুৱাহাটী কমাৰ্চ কলেজৰ মৃত্ৰিকা নাথ আৰু হোজাই জিলাৰ শংকৰদেৱ জুনিয়ৰ কলেজৰ অক্ষত চাৱাচাৰিয়াই৷ তিনিওজনে ৪৫৬ নম্বৰ লাভ কৰে।