কোকৰাঝাৰঃ বিটিএডিৰ বাওখুংগ্ৰী সমষ্টিৰ অন্তৰ্গত তথা কোকৰাঝাৰ জিলাৰ নায়েকগাওঁ বজাৰৰ উত্তৰ দিশে পাহাৰপুৰ গাওঁত আৰ্থিক দৈন্যতাৰ অভাৱত সামাজিক স্বীকৃতিৰ পৰা বঞ্চিত হৈ থকা ৩১ হাল দম্পত্তিক আদিবাসীৰ সামাজিক ৰীতি-নীতিৰে সমূহীয়া ভাৱে আজি বিবাহ কাৰ্য সম্পন্ন কৰি আনুষ্ঠানিক স্বীকৃতি দিয়া কাৰ্যই দুখীয়া পৰিয়াল কেইটাৰ লগতে অঞ্চলটোলৈ আনন্দৰ বন্যা কঢ়িয়াই আনে ৷

কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী সমষ্টিৰ পৰিষদীয় সদস্য তথা কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে নিজে উদ্যোগ লৈ সমাজৰ অতি দুখীয়া ৩১ হাল নৱ- দম্পত্তীক আজি আদিৱাসীৰ পৰম্পৰাগত ৰীতি-নীতিৰে সামাজিক ভাৱে বিবাহ কাৰ্য সম্পন্ন কৰাই দি আদিৱাসী সমাজত এক বিৰল নিদৰ্শন দাঙি ধৰে । সাংবাদিকৰ আগত গয়াৰীয়ে কয় যে ৰাজনৈতিক স্বাৰ্থ পৰিহাৰ কৰি আৰ্থিক দৈন্যতাৰ অভাৱত বিবাহৰ পৰা বঞ্চিত হৈ থকা অঞ্চলটোৰ ৩১ হাল নৱ-দম্পত্তি যাতে সামাজিক ভাৱে উঠা বহা কৰিব পাৰে তাৰ স্বাৰ্থতে এই প্ৰচেষ্টা হাতত লোৱা বুলি কয় ৷ উল্লেখ্য যে ৩১ হাল দম্পত্তিৰ ভিতৰত কিছুমানৰ ইতিমধ্যে ল'ৰা-ছোৱালী জন্ম হোৱাই নহয়, কিছুমানৰ ল'ৰা-ছোৱালী বিবাহৰো উপযুক্ত হৈছে, কিন্তু পিতৃ-মাতৃৰ সামাজিকভাৱে বিবাহ সম্পন্ন নোহোৱাৰ বাবে তেওঁলোকো বিবাহৰ বাবে অপেক্ষা কৰি থাকিব লগীয়া হৈছ ৷

জানিব পৰা মতে আদিবাসীৰ হিন্দু সমাজত উপযুক্ত ল'ৰাই পছন্দৰ ছোৱালীক গন্ধৰ্ব বিবাহ কৰাই একেলগে থাকি সংসাৰ কৰিব পাৰে, সন্তানো জন্ম দিব পাৰে কিন্তু সামাজিক ভাৱে বিবাহ নোহোৱালৈকে সমাজৰ পৰা স্বীকৃতি লাভ নকৰে ৷ আজি সমূহীয়া বিবাহ কাৰ্য অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম, বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰী, বীৰছা কমাণ্ড ফৰ্চৰ অধ্যয় দুৰ্গা হাছদা, আছাৰ শীৰ্ষ নেতা প্ৰেম হাছদা, আদিবাসী সেৱা সমিতিৰ নেতা হোপনা সোৰেন প্ৰমুখ্যে কেবাজনো নেতা সমূহীয়া বিবাহ কাৰ্যত অংশগ্ৰহণ কৰি দম্পত্তিক আৰ্শীবাদ দানেৰে কৃতাৰ্থ কৰে ।