নাৰায়ণপুৰঃ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধলপুৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত চৰম অৰাজকতা চলি অহাৰ অভিযোগ উত্থাপিত হৈছে। উত্থাপিত অভিযোগ অনুসৰি পঞ্চায়ত কাৰ্যালয়টোৰ কোঠাবোৰৰ ভিতৰভাগ গৰু গোহালিৰ সদৃশ ৰূপ লোৱা পৰিলক্ষিত হৈছে। পঞ্চায়ত প্ৰতিনিধিৰ লগতে কৰ্মকৰ্তাসকলো নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত নথকাৰ ফলতে কৰ্যালয়টোৱে এনে ৰূপ লৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।

এনে অনিয়মীয়া উপস্থিতিৰ বাবে বিভিন্ন কাম লৈ বাট কুৰি বাই অহা সাধাৰণ জনসাধাৰণ পঞ্চায়ত প্ৰতিনিধিৰ বিনা সাক্ষাৎতেই ঘৰমুৱা হ'ব লগীয়া হৈ আহিছে। আনহাতে, পঞ্চায়ত কৰ্যালয়ত সম্প্রতি কম্পিউটাৰ, খোৱাপানীৰ ব্যৱস্থা, টি ভি আদিৰ লগতে পঞ্চায়ত কাৰ্যনিৰ্বাহক বৈঠকো অনুষ্ঠিত হোৱা নাই বুলি জানিব পৰা গৈছে।

চলিত বৰ্ষত পঞ্চায়ত কাৰ্যালয়টোলৈ অসম চৰকাৰৰ পৰা এটা কম্পিউটাৰ আবণ্টিত হৈছিল যদিও কম্পিউটাৰটো পঞ্চায়ত কাৰ্যালয়ত সোমোৱাৰ বিপৰীতে সভানেত্ৰীগৰাকীৰ ঘৰত ৰখাৰো অভিযোগ উত্থআপন কৰিছে স্থানীয় ৰাইজে।

কেৱল সেয়াই নহয়, খোৱা পানীৰ ব্যৱস্থাও নাই কাৰ্যালয়টোত। অতীততে এটা টিভি আছিল যদিও বৰ্তমান সময়ত টিভিটো অন্তধ্যান হোৱাৰ লগতে বিদ্যুৎ বিলৰ ক্ষেত্ৰতো ফাঁকি-ফুকা চলাৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যুতৰ ব্যয়ৰ ক্ষেত্ৰত মাত্ৰ চাৰিটা বাল্ব জ্বলোৱাৰ বিপৰীতে যোৱা মাৰ্চ মাহত পাঞ্চায়তলৈ বিল আহিছে ৫,৯৬৭ টকা।

অভিযোগ মতে প্ৰত্যেক মাহতে বিদ্যুৎ বিলৰ নামত ধন আদায় দি থকা হৈছে। কিন্তু সেই ধনেৰে বিল আদায় দিয়াৰ পৰিৱৰ্তে পঞ্চায়তৰ প্ৰতিনিধি তথা কৰ্মচাৰীসকলে উদৰস্থ কৰাৰ ফলতে এনে হৈ আহিছে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। 

বিভিন্ন শিতানত পঞ্চায়তলৈ অহা অনুদানৰ খবৰ ৱাৰ্ড মেম্বাৰ বা সাধাৰণ ৰাইজে জানিবলৈ নোপোৱাৰ অভিযোগ উঠাৰ লগতে সভানেত্ৰী ৰিতামণি শইকীয়াৰ কাৰ্যকালত হোৱা কার্যক্রমণিকাৰ ওপৰত নিৰীক্ষণ কৰি তদন্ত কৰিবলৈকো উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ।