কোকৰাঝাৰঃ কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক গোবিন্দ নাথৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি সোমবাৰে কোকৰাঝাৰত বন্তি প্ৰজ্বলন কৰা হয়।

কোকৰাঝাৰ জিলা যোগী সন্মিলনী আৰু নাথ যোগী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত সন্ধিয়া ৭.০০ বজাত কোকৰাঝাৰ শিশু উদ্যানত জ্যেষ্ঠ সাংবাদিক গোবিন্দ নাথ আৰু অখিল ভাৰতীয় নাথ-যোগী সমাজৰ সভাপতি ধৰ্মপাল সিং ক্ৰান্তিকাৰীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে বন্তি প্ৰজ্বলন কৰে।

বন্তি প্ৰজ্বলনৰ পূৰ্বে সন্থাৰ সদস্য সকলে নিহতৰ আত্মাৰ সদ্গতিৰ বাবে একমিনিট মৌন প্ৰাৰ্থনা কৰে। কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক গোবিন্দ নাথ যোৱা ২৫ জানুৱাৰীত ইহলীলা সম্বৰণ কৰাৰ বিপৰীতে অখিল ভাৰতীয় নাথ-যোগী সমাজৰ সভাপতি ধৰ্মপাল সিং ক্ৰান্তিকাৰী দেওবাৰে সন্ধিয়া ৬ বজাত দিল্লীৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

বন্তি প্ৰজ্বলন অনুষ্ঠানত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, জিলা যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথৰ লগতে সংগঠনদুটাৰ জিলা আৰু আঞ্চলিক সমিতিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।