newsnextone.com | নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানী মৌজাৰ অন্তৰ্গত জানিগোগ গাঁৱৰ (কৰেবাৰী) নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক, সমাজসেৱক, সাহিত্যসেৱী, আদৰ্শ কৃষক কৃষ্ণকান্ত শৰ্মাক কৰেবাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত দেওবাৰে স্মৰণ কৰা হয়। তদুপলক্ষে নিশা ৮.৩০ বজাত গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰমেশ শৰ্মাৰ সভাপতিত্বত গাঁৱৰ মন্দিৰ প্ৰাংগনত এখন স্মৃতিচাৰণ সভা হয়। 

সম্পাদক তৰোণী শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভাত বাওঁপন্থী নেতা, সমাজকৰ্মী ৰবীন মিশ্ৰ, গাঁও উন্নয়ন সমিতিৰ সহ সম্পাদক প্ৰণৱ প্ৰাণ বাচ্যস, দীলিপ শৰ্মা, সমাজসেৱক ৰমানাথ শৰ্মা, কনক মিশ্ৰ, পবিন শৰ্মা, দ্বীপেন শৰ্মা, দীপক মিশ্ৰ, প্ৰাঞ্জল শৰ্মা সহ বহু সংখ্যক লোক উপস্থিত থাকে। সভাত বাওঁপন্থী নেতা ৰবীন মিশ্ৰই ভাষণত প্ৰয়াত শিক্ষক কৃষ্ণকান্ত শৰ্মাক স্মৰণ কৰি তেওঁৰ সংঘাতময় বৰ্ণাঢ্য জীৱনটোৰ ওপৰত  আলোকপাত কৰে। 

তেওঁ কয় যে, শৰ্মাই ৰাজ্যিক চৰকাৰৰ পৰা কৃৰ্তি শিক্ষকৰ বঁটা লাভ কৰাৰ উপৰিও ২০০৭ চনত দেশৰ ৰাষ্ট্ৰপতিৰ পৰাও ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। বঁটা লাভেই তেওঁৰ শেষ কথা নহয়, তেখেতে এগৰাকী নিৰব সাহিত্য সাধক আছিল। প্ৰশস্তিমূলক কবিতা ৰচনাৰ ক্ষেত্ৰত শৰ্মাই বিৰল প্ৰতিভা দাঙি ধৰিছিল। ইপিনে শৰ্মা স্কাউট -গাইডৰ নিষ্ঠাবান প্ৰশিক্ষক আছিল বুলিও দোহাৰে। 

সভাত প্ৰয়াত কৃৰ্তি শিক্ষক গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে এটা শোক প্ৰস্তাব গ্ৰহণ কৰি কৰেবাৰী গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়া সহ ৰাইজে প্ৰয়াত শৰ্মাৰ গৃহত গৈ তেওঁৰ দুই পুত্ৰ ভাস্কৰ শৰ্মা আৰু হৰজ্যোতি শৰ্মাৰ হাতত শোক প্ৰস্তাৱটো প্ৰদান কৰি সমবেদনা জ্ঞাপন কৰে। 

উল্লেখ্য যে, প্ৰয়াত কৃষ্ণকান্ত শৰ্মাৰ মৃত্যুৰ পিছদিনাই তেওঁৰ ভাতৃ জয়কান্ত শৰ্মাৰো অকাল মৃত্যু হয়। বৰ্তমানে বঙাইগাঁও অভয়াপুৰীৰ বাসিন্দা বিদ্যুত বিভাগৰ  অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জয়কান্ত শৰ্মাই বৃক্কজনীত ৰোগত দীৰ্ঘদিনৰ পৰাই আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল যদিও ২০ ছেপ্টেম্বৰৰ দিনা মৃত্যু হোৱাত কৰেবাৰী গাঁও উন্নয়ন সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে।