নগাঁওঃ বিৰোধি দল কংগ্ৰেছ তৎপৰ হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ বাবে৷ নিতৌ দলীয় সভা অনুষ্ঠিত কৰি ৰাইজক পুনৰ কংগ্ৰেছ মুখি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱা সমষ্টিতো শাসনাধিষ্ঠিত বিজেপি আৰু অগপৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও নিৰ্বাচনী তৎপৰতা অৱলম্বন কৰিছে৷

শনিবাৰে সমষ্টিটোৰ ধূপগুৰি বজাৰত ৯ খন মণ্ডল সমিতিৰ প্ৰায় দুই সহস্ৰাধিক নেতা-কৰ্মীৰ অংশগ্ৰহনেৰে এখন কৰ্মীসভা অনুষ্ঠিত কৰা হয়৷ বটদ্ৰৱা ব্ল’ক কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি নুৰুল আমিনৰ পৌৰহিত্যত অনুষ্ঠিত কৰ্মীসভাখনত প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰা আৰু প্ৰদেশ কংগ্ৰেছৰ আন এগৰাকী সম্পাদিকা তথা বটদ্ৰৱা সমষ্টিৰ দলীয় তত্বাৱধায়িকা হিৰণমনি ফুকন উপস্থিত থাকি দলৰ তৃণমূল কৰ্মীসকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মাৰবান্ধি সাজু হ’বলৈ আহ্বান জনায়৷