newsnextone.com | গুৱাহাটীঃ বিলাসী গাড়ীত উঠি ঘুৰা ফুৰা কৰা কংগ্ৰেছৰ নেতাৰ সাৰথি হৈ পৰিল চাইকেল৷ চাইকেলেৰে ঘুৰা-ফুৰা কৰিব লগা হৈছে কংগ্ৰেছৰ নেতাই৷ মোডী চৰকাৰৰ বিৰুদ্ধে বিশ্বাসঘাটক দিৱস পালন কৰি ৰাজপথত কংগ্ৰেছে চাইকেল চলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ চাইকেলে এতিয়া অন্তিম সংগী কংগ্ৰেছীৰ৷ 

চাইকেলত উঠি কংগ্ৰেছে মঙলবাৰে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজীৱ ভৱনৰ পৰা চাইকেল ৰেলী উলিয়াই জিএছ ৰোডত মঙলবাৰে পুৱাই কংগ্ৰেছীয়ে চাইকেল চলাই মোডী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰিপুণ বৰাৰ নেতৃত্বত কেইবাশতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে৷ দেশৰ জনগণক বিশ্বাসঘাটকতা কৰিছে বুলি কয় কংগ্ৰেছীয়ে৷ সকলো ক্ষেত্ৰতে বিজেপি বিফল হৈছে৷  

বিজেপি চৰকাৰৰ একনায়কত্ববাদ বন্ধ কৰক, অসম প্ৰদেশ কংগ্ৰেছ সমিতি জিন্দাবাদ, মোডী চৰকাৰ হায় হায় ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে কংগ্ৰেছে৷ ফলত জিএছ ৰোড বহু সময় ধৰি স্তদ্ধ হৈ পৰে৷ চাইকেল নচলালেও প্ৰতিবাদত অংশ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মোডীয়ে প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰে ৪ বছৰ পাৰ কৰিলে বুলি কয়৷ ৰাইজে এতিয়া বুজি পাইছে মোডীয়ে উন্নয়ন কৰিব নোৱাৰে৷

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আমি আজি চাইকেল চলাব লগা হৈছে বুলি কয়৷ ৰাইজৰ দুখৰ সমভাগী হৈছো৷ যাৰ বাবে আমি এই কাৰ্যসূচী কৰিব লগা হৈছে৷ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি কৰি সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে বিজেপি চৰকাৰে৷ 

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে কিন্তু চৰকাৰ নিমাত৷ মোডী বিদেশ ভ্ৰমণত ব্যস্ত৷ আমি চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে চাইকেল শোভাযাত্ৰা কৰিছো বুলি কয় ৰিপুণ বৰাই৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ আদিয়ে অংশ গ্ৰহণ কৰে প্ৰতিবাদত৷