newsnextone.com ডিফুঃ অহা ১৩ আগষ্টত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ এখন বিশেষ সভা অনুষ্ঠিত হ'ব। আগন্তুক লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰিকল্পনা যুগুত কৰিবৰ বাবে এই সভা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। 

কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বিৰেণ সিং ইংতি আৰু অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক প্ৰভাৰী ৰমেশ জৈনৰ আহ্বান মৰ্মে অহা ১৩ আগষ্টত পুৱা ১১ বজাত ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত কংগ্ৰেছৰ সভা খন অনুষ্ঠিত হ'ব বুলি জিলা কংগ্ৰেছৰ প্ৰচাৰ আৰু সাংগঠনিক বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিদ্যাচিং ৰংপিয়ে এক বিবৃতি যোগে জানিবলৈ দিয়ে৷ 

জিলা কংগ্ৰেছৰ অন্তৰ্গত ১০ জুলাইৰ পৰা ১০ আগষ্টলৈকে জিলা কংগ্ৰেছৰ অন্তৰ্গত বিচিচি, এমচিচি আৰু টিচিচিৰ দ্বাৰা গঠিত বুথ পৰ্যায় সমিতিৰ উপস্থিতিত সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে ৷ সভাত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বিৰেণ ইংতিয়ে জিলা প্ৰভাৰীৰ হাতত অৰ্পণ কৰিব৷ সভাত প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা উপস্থিত থাকিব৷ সভাত জিলা কংগ্ৰেছৰ বিভিন্ন বিভাগৰ অধ্যক্ষ, মুখপাত্ৰ শীৰ্ষ নতৃত্ব, ভাতৃ সংগঠনৰ নেতা-কৰ্মী, কাৰ্যালয়ৰ বিষয়াকৰ্মীসকলক উপস্থিত থাকিবলৈ বিদ্যাচিং ৰংপিয়ে আহ্বান জনায় ৷