newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ইউনিফৰ্মৰ পৰিৱৰ্তন কৰাৰ প্ৰায় দুটা বছৰ পিছত এইবাৰ কংগ্ৰেছৰ ভাতৃ সংগঠন ‘সেৱা দল’-এও নিজৰ পোছাক সলনি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ পূৰ্বে সেৱা দলৰ সদস্যই বগা কুৰ্তা আৰু পায়জামা পৰিধান কৰিছিল৷ 

কিন্তু ৰাহুল গান্ধীক অনুসৰণ কৰি এইবাৰ সেৱা দলৰ সদস্যই কুৰ্তাৰ সৈতে নীলা জিন্স পৰিধান কৰিব৷ উল্লেখ্য যে ৰাহুল গান্ধীয়ে কুৰ্তাৰ সৈতে জিন্স পৰিধান কৰাটো ৰাহুলৰ স্বকীয় ষ্টাইল হিচাপে বিবেচিত হৈ আহিছে৷

কংগ্ৰেছ সেৱা দলৰ এগৰাকী সদস্যই কয় যে, সেয়া দলৰ সদস্যসকলক যাতে আজিৰ যুগৰ যুৱ শক্তি বুলি অনুধাৱন কৰিব পৰা যায়, তাৰ বাবেই পোছাক সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ কুৰ্তাৰ সৈতে নীলা ৰঙল জিন্স পিন্ধি সেৱা দলৰ সদস্যসকলে আধুনিক যুৱ শক্তিৰ সৈতে সম্পৰ্ক স্থাপনত সফল হ’ব বুলিও আশা প্ৰকাশ কৰে৷ 

উল্লেখ্য যে, স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছৰ সহায়তাৰ বাবে সেৱা দলৰ গঠন কৰা হৈছিল৷ কিন্তু স্বাধীনতাৰ পিছত সেৱা দলৰ ভূমিকা বিপদগ্ৰস্থক উদ্ধাৰতে সীমিত হৈ পৰা পৰিলক্ষিত হয়৷ কিন্তু বৰ্তমান কংগ্ৰেছে পুনৰ সেৱা দলক শক্তিশালি ৰূপে গঢ় দিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে৷

ইফালে কুৰ্তাৰ সৈতে জিন্স পৰিধানক লৈ প্ৰায়ে ৰাহুল গান্ধী চৰ্চাৰ বিষয় হৈ পৰা দেখিবলৈ পোৱা গৈছে৷ ৰাহুল গান্ধীয়ে পশ্চিমীয়া সাজ-সজ্জাক অধিক গুৰুত্ব প্ৰদান কৰা বুলিও সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ যাৰ প্ৰৰিপ্ৰেক্ষিত ৰাহুল গান্ধীয়ে এতিয়া মাজে সময়ে কুৰতাৰ সৈতে পায়জামা পৰিধান কৰাও পৰিলক্ষিত হয়৷ ইয়াৰ বিপৰীতে সেৱা দলৰ নতুন ড্ৰেছ ক’ড অহা ৯ জুলাইৰ পৰা বলবৎ হ’ব বুলি জানিব পৰা গৈছে৷