newsnextone.com | কোকৰাঝাৰঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিএডি অঞ্চলত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্য লৈ দলটোৱে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷ তাৰ মাজতে কংগ্ৰেছৰ সংখ্যালঘু কোষৰ কোকৰাঝাৰ জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় দেওবাৰে ৷ 

কোকৰাঝাৰ চহৰস্থিত জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সংখ্যালঘূ কোষৰ সমন্বয়ক মফিজুল হুছেইন, কোষৰ নামনি অসম মণ্ডলৰ যুটীয়া সমন্বয়ক তথা বিটিএডিৰ গুমা সমষ্টিৰ পৰিষদীয় সদস্য মমিনুৰ ইছলাম আৰু যুটীয়া সমন্বয়ক আবতাব আলি আহমেদে অংশগ্ৰহণ কৰে৷

সভাৰ অন্তত কংগ্ৰেছৰ নেতাদ্বয়ে সংবাদমাধ্যমৰ আগত কয় যে জিলাখনৰ মূলত সংখ্যালঘূ লোকসকলক একত্ৰিত কৰাৰ উদ্দেশ্য সভাখন অনুষ্ঠিত কৰা হয় ৷ বিপিএফ দলৰ পোন্ধৰ বছৰীয়া শাসন কালত বিটিএডি অঞ্চলত থকা সংখ্যালঘূ লোকৰ কোনো উন্নয়ন সাধন হোৱা নাই বুলি অভিযোগ কৰি নেতাত্ৰয়ে লগতে কয় যে বিপিএফ দলে কেৱল ওপৰে ওপৰে সংখ্যালঘূ লোক সকলৰ উন্নতিৰ কথা কয় যদিও প্ৰকৃততে বিপিএফ দলে সংখ্যালঘূ ৰাইজক সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদিকে ধৰি বিভিন্ন দিশত বঞ্চিত কৰি আহিছে ৷ 

বিটিএডিৰ বিভিন্ন উন্নয়নমূলক নিগায় নিকম সমূহত সংখ্যালঘূ প্ৰতিনিধিৰ নাম অন্তৰ্ভুক্ত নকৰাৰ লগতে শাসকীয় দলটোত দুজনৈ সংখ্যালঘু সম্প্ৰদায়ৰ পৰিষদীয় সদস্য থকা সত্বেও বিপিএফে ইয়াৰে এজনো পৰিষদীয় সদস্যক কাৰ্যবাহী সদস্যৰূপে অন্তৰ্ভুক্ত নকৰাত নেতাত্ৰয়ে গভীৰ আক্ষেপ প্ৰকাশ কৰে ৷ 

উল্লেখ্য যে, সভাত কংগ্ৰেছৰ সংখ্যালঘূ কোষৰ নামনি অসম মণ্ডলৰ উপ-সভাপতি খালিদ হুছেইন, কোষৰ যুটীয়া সমন্বয়ক ছামিনা আখতাৰ, কংগ্ৰেছৰ কোকৰাঝাৰ জিলাৰ সভাপতি বিমল মণ্ডল আৰু অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য শম্বু মণ্ডলকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে৷