গুৱাহাটীঃ অসমৰ পৰ্যটন বিভাগৰ ল’গোৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেছডৰ হিচাপে আদৰি লোৱালৈকে- বিতৰ্কই পিছ নেৰে বিভাগটোক। এইবাৰ বিতৰ্ক হৈছে বলিউডৰ বলিষ্ঠ অভিনেত্ৰীগৰাকীৰ সাজ-পাৰক লৈ।

প্ৰিয়ংকা চোপ্ৰাই অসমৰ পৰ্যটন ক্ষেত্ৰৰ এনে এক গুৰুত্বপুৰ্ণ ভূমিকাত থকাৰ পিছত চুটি পোচাক পৰিধান কৰা হেতুকে অসমৰ ভাৱমূৰ্তি ম্লান হৈছে। এই দাবী কৰিছে অসমৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সৰুপথাৰৰ বিধায়ক ৰোজলীন টিৰ্কেই আৰু বকোৰ বিধায়ক নন্দিতা দাসে।

বিধানসভাত এই লৈ বিতৰ্কৰ সূচনা হয়। প্ৰিয়ংকাৰ অল্পবসনা ফটো কেলেণ্ডাৰত থকাত আপত্তি দৰ্শাই বিধায়িকা নন্দিতা দাসে পোনচাটেই কেলেণ্ডাৰখন ল’বলৈ অমান্তি হয়। অসমৰ সংস্কৃতিৰ ওপৰত বিশ্ব দৰবাৰত বিৰূপ ধাৰণাৰ সৃষ্টি হোৱাৰ শংকা ব্যক্ত কৰা বিধায়ককেইজনে প্ৰিয়ংকা চোপ্ৰাক উক্ত পদৰপৰা আঁতৰাবলৈও দাবী জনাইছে পৰ্যটন বিভাগটোক।

প্ৰিয়ংকাৰ চুটি কাপোৰে অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত দুৰ্নামহে আৰ্জিছে বুলি ক্ষোভ ব্যক্ত কৰিছে উক্ত বিধায়ককেইজনে। প্ৰতিবেদন মতে পৰ্যটন বিভাগে বিতৰণ কৰা নতুন বৰ্ষৰ কেলেণ্ডাৰো ঘুৰাই দিছে বিধায়ককেইজনে।