newsnextone.com | ডিজিটেল ডেস্কঃ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ তৃতীয়টো দিন পুনৰ উত্তপ্ত হৈ পৰে দুয়োখন সদন৷ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত হৈ হাল্লা কৰাৰ লগতে টিডিপিৰ সাংসদসকলে সংসদ ভৱনৰ চৌহদত থকা মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য ঘোষণা কৰাৰ লগতে অন্ধ্ৰপ্ৰেদশ ৰাজ্যৰ পুনৰ গঠন কৰাৰ দাবী জনায়।

ইয়াৰ লগে লগে কংগ্ৰেছৰ সাংসদসকলে বিজেপি চৰকাৰে নিৱনুৱাক সংস্থাপন দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। হাতত প্লেকাৰ্ড লৈ আৰু যতৰ লৈ প্ৰতিবাদ জনায় বিজেপি চৰকাৰে নিবনুৱাক সংস্থাপন দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে।