গুৱাহাটীঃ বৃহস্পতিবাৰেও অসম বিধানসভা উত্তাল হৈ পৰে৷ অসম মহিলা বিশ্ববিদ্যালয়ৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বিধান সভাৰ ভিতৰে-বাহিৰে প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছে৷ এই বিষয়ত পিচ হুহুকি আহিব হিচৰা নাই কংগ্ৰেছে৷ যোৱা দুটা দিনৰ দৰেই বৃহস্পতিবাৰেও সদন উত্তাল কৰে কংগ্ৰেছে৷ 

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সদনৰ ভিতৰতে তৰণ গগৈক আক্ৰমণ কৰি মহিলা বিশ্ববিদ্যালয়ৰ তৰুণ গগৈৰ ভুলৰ বাবে বন্ধ কৰিবলগীয়া হোৱাৰ লগতে তৰুণ গগৈয়ে হুলস্থূল আৰু মিডিয়াক কথা কবলৈ আহে বুলি কৈছিল৷ তাৰ পিছৰে পৰা কংগ্ৰেছ বেছি আক্ৰমণাত্মক হৈ পৰে সদনৰ ভিতৰত৷

বৃহস্পতিবাৰে সদনত মহিলা বিশ্ববিদ্যালয় প্ৰসংগ উত্থাপন কৰে তৰুণ গগৈয়ে৷ তাৰ পিছতেই শাসক আৰু বিৰোধীৰ বিধায়কে থিয় হৈ ইটো দলৰ বিধায়কে সিটোদলৰ বিধায়কৰ মাজত কথা কতা কতি হয়৷ ফলত সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ কংগ্ৰেছ বিধায়কসকলে আসনৰ পৰা উঠি আহি অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷

অধ্যক্ষৰ কংগ্ৰেছ বিধায়কক বহিবলৈ ৰুলিং দিয়ে৷ অধ্যক্ষৰ ৰুলিং অৱমাননা কৰাত ১৫ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই৷ অধ্যক্ষই সদন স্থগিত ঘোষণাৰ পিছতেই কংগ্ৰেছৰ বিধায়কসকল সদনৰ পৰা ওলাই আহে বাহিৰলৈ৷ লগে লগে বিধানসভাৰ বিৰোধী দলৰ সভাকক্ষত কংগ্ৰেছে বৈঠক অনুষ্ঠিত কৰে৷ কংগ্ৰেছৰ আটাইকেইজন বিধায়ক বৈঠকত উপস্থিত থাকে৷

অসম মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত সদনত বিশেষ আলোচনা বিচাৰিছিল কংগ্ৰেছে৷ তৰুণ গগৈয়ে সেই বিষয়টো উত্থাপন কৰোতেই হুলস্থূল লাগে সদনত। এই আলোচনাৰ বাবে অধ্যক্ষই অনুমতি নিদিয়াত সদনৰ ভিতৰত সোচ্চাৰ হৈ পৰে৷ সদনৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰতিবাদী কংগ্ৰেছ বিধায়কক আসনত বহিবলৈ অধ্যক্ষই ৰুলিং দিছিল৷

অসম মহিলা বিশ্ববিদ্যালয় অসম চৰকাৰে কাৰিকৰী শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তন কৰা কাৰ্যৰ বিৰোধীতা কৰি অসমৰ লোকসভা আৰু ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদসকল দিল্লী সংসদভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷