গুৱাহাটীঃ প্ৰতিলিটাৰ পেট্ৰল ৭৩.৭৩ টকা আৰু ডিজেলৰ মুল্য ৬৬.৫৮ টকা হৈছে৷ খাদ্য-সামগ্ৰী, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ যেনেদৰে প্ৰতিবাদ জনাই জনমত গঠন কৰিব লাগিছিল তেনেদৰে জনমত গঠন কৰিব নোৱাৰিলে বুলি দেশৰ বিৰোধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অসম বিধান সভা চৌহদত কংগ্ৰেছ বিধায়কে সমদল উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

বিধায়ক আৱাসৰ পৰা অসম বিধান সভালৈ সমদল কৰি কংগ্ৰেছ বিধায়ক সকলে পেট্ৰল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰাত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে৷ দেশৰ বিৰোধীয়ে এনে বিষয় সমূহ উত্থাপন কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে সদনলৈ প্ৰতিবাদী সমদল কৰি আহে কংগ্ৰেছ বিধায়কসকল৷ 

আনহাতে বৃহস্পতিবাৰে এই বিষয়ত আলোচনা বিচাৰিব বুলিও জনাবি পৰা গৈছে৷ মূল্যবৃদ্ধি ৰোধত চৰকাৰ সম্পূৰ্ণ বিফল বুলি কয় কংগ্ৰেছে৷ ইমানে নহয় কথা মতে কাম কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ বিধায়কসকলে মূল্যবৃদ্ধি ৰোধ কৰক, মোডী চৰকাৰ হায় হায় শ্ল’গান দিয়া পৰিলক্ষিত হয়৷

পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সকলো ৰেকৰ্ড ভংগ কৰাত দেশৰ জনসাধৰণ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে নাৰাজ হৈ পৰিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ফলত সাধৰণ লোকে জীৱন ধাৰণ কৰাত কষ্টকৰ হৈ পৰিছে৷ সকলো ৰেকৰ্ড ভংগ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰিলে৷ দক্ষিণ এছিয়াৰ ভিতৰত এতিয়া ভাৰতে উচ্চ দামত পেট্ৰল আৰু ডিজেল বিক্ৰী কৰে৷ 

পকেটৰ ধন ৰাহি কৰিবলৈ এতিয়া উপায় নোহোৱা হৈছে দেশৰ মধ্যবিত্ত, দৰিদ্ৰ, শ্ৰমিকৰ৷ খাদ্য-সামগ্ৰী, পেট্ৰলকে ধৰি সকলো সামগ্ৰীৰ এতিয়া আকাশলংক্ষী মূল্য বৃদ্ধি হৈছে৷ এইবাৰ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰাত সকলো ৰেকৰ্ড ভংগ কৰিলে চৰকাৰে৷