ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰাৰ কুচকাৱাজ আৰম্ভ হৈছে। ইয়াৰ বাবে যোৱা মাহত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা তথা ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ২০ টা বিৰোধী দলৰ নেতাসকলক নিমন্ত্ৰণ কৰি এক ভোজ মেল আহ্বান কৰিছিল। তাতেই সাম্ভাব্য ইউপিএ-তিনি গঠনৰ প্ৰাৰম্ভিক কৰ্ম হিচাপে নিৰ্বাচনী বুজাবুজিৰে খচৰা ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহন কৰিছিল। 

কিন্তু কংগ্ৰেছৰ এই প্ৰচেষ্টাত চেঁচা পানী ঢালিলে চি পি আই(এম)-এ। দলটোৰ মুখপত্ৰ 'পিপলছ ডেমক্ৰেচি'ৰ শেহতীয়া সম্পাদকীয়ত প্ৰকাশ যে বিজেপি বিৰোধী মৰ্চাৰ নেতৃত্বত কংগ্ৰেছক আঞ্চলিক দলসমূহে মানি নলয়। সম্পাদকীয়টোত লগতে কোৱা হয় যে ২০১৯ চনত বিজেপিৰ অশ্বমেধ ঘোঁৰা থমকাবৰ বাবে সকলো আঞ্চলিক দলক একগোট কৰিব লাগিব। দলটোৱে উদাহৰণ দি কয় যে বিজেপি বিৰোধী মৰ্চাত কংগ্ৰেছৰ নেতৃত্ব বি জে ডি, টি আৰ এছ আৰু টি ডি পিয়ে কেতিয়াও মানি নলয়। 

একেদৰে, তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে আগবঢ়োৱা বিজেপিবিহীন আৰু কংগ্ৰেছবিহীন 'ফেডাৰেল ফ্ৰন্ট'টো সফল নহ'ব। কাৰণ ৰাজ্যবিশেষত ডি এম কে আৰু আৰ জে ডিৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা চলি আছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীৰ নিৰ্বাচনী মিত্ৰতাই যিদৰে উপনিৰ্বাচনত বিজেপিক পৰাভূত কৰিলে, তেনে ৰণকৌশল বিচাৰিছে চিপিআই (এম)-এ।