ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা এজন ব্যক্তিয়ে গুগলৰ বিৰুদ্ধে থানাত এজাহাৰ দিছে। উত্তৰ প্ৰদেশৰ এগৰাকী অধিবক্তাই তথ্যপ্ৰযুক্তি আইনৰ আধাৰত আধাৰত গুগলৰ ওপৰতে মোদীৰ অপমানৰ অভিযোগ আনি ছাহজাহাপুৰ থানাত বুধবাৰে এই এজাহাৰ দাখিল কৰে।

২০১৫ চনৰ এক গুগল চাৰ্ছ ৰিজাল্টত মোদীক অপমান কৰা বুলি দাবী কৰি এই এজাহাৰ দাখিল কৰিছে পি নন্দ কিশোৰ নামৰ অধিবক্তাগৰাকীয়ে। অৱশ্যে গুগলৰ মুখপাত্ৰই এই সংক্ৰান্ত কোনোধৰণৰ তথ্য তেঁওলোকৰ হাতত নাই বুলি জানিবলৈ দিছে।

এই অভিযোগ সংক্ৰান্তত তেওঁক কোনোধৰণৰ জাননীও প্ৰেৰণ কৰা হোৱা নাই বুলিও গুগলৰ মুখপাত্ৰজনে জনায়। সেয়ে বিষয়টো সংক্ৰান্তত কোনো মন্তব্য প্ৰকাশ কৰাত অপাৰগ বুলি সংবাদ মাধ্যমক জনায় মুখপাত্ৰজনে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে বিশ্ব হিন্দু পৰিষদৰ এজন সদস্যই বিশ্বৰ আটাইতকৈ মূৰ্খ ব্যক্তিজনৰ নাম জানিবলৈ বিচাৰি গুগলত তাৰে সন্ধান কৰিছিল।

কীবৰ্ডত সেয়া এণ্ট্ৰী কৰাৰ পিছত ওলোৱা তালিকাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নামো ওলাল। তাকে লৈ পৰিষদকে ধৰি দেশজুৰি মোদী অনুৰাগীসকল  অসন্তুষ্টি হৈছিল।

ছাহজাহাপুৰ আৰক্ষীয়ে বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰা বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে। এই সংক্ৰান্তত তথ্য-পাতি অভিযোগকৰ্তাজনৰপৰা বিচৰা বুলিও আৰক্ষীয়ে জনায়।