শিমলুগুৰিঃ আহোম যুগৰ ঐতিহাসিক কৃৰ্তিচিহ্নসমূহ যি সময়ত সংৰক্ষণৰ দাবী জনাই আহিছে, ঠিক তেনে সময়তে আহোমৰ ৰাজধানী ঐতিহাসিক গড়গাঁও কাৰেংঘৰৰ মাজত থকা গড়ৰ অংশ কাটি অসমৰ বিদ্যুত বিভাগে অবৈধভাৱে বিদ্যুত ট্ৰেন্সফৰ্মাৰ সংস্থাপন কৰাটো পৰিতাপৰ বিষয়।

এনেদৰে পুৰণি কৃৰ্তিচিহ্ন অবৈধ খনন কৰাটো প্ৰশাসন তথা বিভাগীয় কতৃপক্ষই আইনি অপৰাধ হিচাপে গন্য কৰি আহিছে। এনে সময়তে এই ঘটনা কেনেকৈ ঘটিবলৈ পালে সেয়া ৰাইজৰ বাবে এক অবুজ সাঁথৰ হৈ পৰিছে। সেয়ে অঃজাঃযুঃছাঃপ শিমলুগুৰি আঞ্চলিক সমিতিয়ে প্ৰশাসন তথা বিভাগীয় কতৃপক্ষক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত পদক্ষেপ লবলৈ অনুৰোধ জনাইছে। কাৰণ এই কৃৰ্তিচিহ্নসমূহ অসমৰ গৌৰৱ।

সেয়ে অঃজাঃযুঃছাঃপ শিমলুগুৰি আঞ্চলিক সমিতিয়ে দাবী জনাইছে যে গড়গাঁও বিদ্যুত বিভাগে যদি ৭দিনৰ ভিতৰত গড়ৰ ওপৰত থকা ট্ৰেন্সফৰ্মাৰটো অন্য ঠাইত সংস্থাপন নিদিয়ে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলি অঃজাঃযুঃছাঃপ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি তপন গগৈ আৰু সাধাৰণ সম্পাদক ৰূপম শইকীয়াই এক বিবৃতিযোগে জানিবলৈ দিছে।