ডিজিটেল ডেস্কঃ দেশত প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা হ’ল প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী পদ৷ এই পদত আসীন হোৱা প্ৰথম বিষয়াজন হ’ল ভাৰতীয় সেনাৰ সদ্য অৱসৰপ্ৰাপ্ত মুৰব্বী জেনেৰেল বিপিন ৰাৱট৷ ইতিমধ্যে তেওঁ দায়িত্ব গ্ৰহণ কৰিছে৷

CDS অথবা Chief of Defence Staffৰূপে নামকৰণ কৰা এই পদৰ অধীনলৈ অনা হৈছে দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনী ক্ৰমে ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌ সেনাক। যিহেতুকে এই পদ সৰ্ব প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা হৈছে, গতিকে এই পদত বিষয়েজন কেনেবোৰ দায়িত্ব সম্পাদন কৰিব, তাক লৈ অনেকৰ মনত কৌতুহলৰ সৃষ্টি হৈছে৷

The Indian Express-ত প্ৰকাশিত বাতৰি অনুযায়ী চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে যে প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীয়ে দুটা ভূমিকা পালন কৰিব। ইয়াৰে এটা হৈছে প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বীসকলৰ সমিতি(Chiefs of Staff Committe)ৰ অধ্যক্ষৰ দায়িত্ব৷ এই সমিতিৰ সদস্যসকল হৈছে তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীসকল।

আনটো দায়িত্ব হৈছে নৱগঠিত সামৰিক পৰিক্ৰমা বিভাগ(Military Affairs Department)ৰ মুৰব্বীৰ দায়িত্ব৷ উক্ত বিভাগ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ত অলপতে খোলা হৈছে৷ পূৰ্বৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ত চাৰিটা বিভাগ আছে৷ এই বিভাগ কেইটা হ’ল : প্ৰতিৰক্ষা বিভাগ, প্ৰতিৰক্ষা সঁজুলি সংগ্ৰহ(Defence Procurement) বিভাগ, প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ বিভাগ আৰু প্ৰাক্তন সৈনিক কল্যাণ বিভাগ৷

এই বিভাগকেইটাৰ মুৰব্বীৰূপে আছে একোজনকৈ সচিব৷ ইয়াৰে প্ৰতিৰক্ষা বিভাগৰ সচিবৰ দায়িত্ব পালন কৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সচিবেই৷ নৱগঠিত সামৰিক পৰিক্ৰমা বিভাগৰ সচিবৰ দায়িত্ব পালন কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাৱট পোনপটীয়াভাৱে চৰকাৰী মন্ত্ৰ্যালয়ৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতেও জড়িত হ’ব৷